NORTHEAST NOW (Assamese)
অসম

জৌংছাৰ আৰু জনক ব্ৰহ্মৰ মৃত্যুৰ ন্যায় বিচাৰি কোকৰাঝাৰত শিক্ষাৰ্থীৰ বিশাল সমদল

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ September 22, 2021 8:35 pm

ভাৰত ভুটান সীমান্তত সংঘটিত ঘটনাত নিহত জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল শিক্ষাৰ্থী।

বি টি আৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰ চহৰস্থিত বি টি আৰ সচিবালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা সমদল অন্ত পৰে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত।

হাতে হাতে প্লেকাৰ্ড , বেনাৰ লৈ অসম পুলিচ মুৰ্দাবাদ , কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰক ফাঁচী দিয়ক , জৈ বড়ো হাৰিনি জৈ আদি বিভিন্ন ধ্বনিৰে কঁপাই তোলে কোকৰাঝাৰ চহৰৰ আকাশ-বতাহ। সমদলৰ অন্তত জিলা উপায়ুক্তৰ জড়িয়তে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে বি টি আৰৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে।