• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিবিচিৰ গোধৰা কাণ্ড ভিত্তিক তথ্যচিত্ৰৰ দৰ্শনীক লৈ উত্তপ্ত পৰিস্থিতি জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত

কেইবাগৰাকীও শিক্ষাৰ্থীক আটক কৰিলে দিল্লী আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 7:21 pm
Jamia BBC Film
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ গোধৰাৰ নৃশংস সাম্প্ৰদায়িক সংঘৰ্ষক লৈ বিবিচি- এ প্ৰস্তুত কৰা তথ্যচিত্ৰই তোলপাৰ লগাইছে দেশ। বিবিচিৰ এই তথ্যচিত্ৰখনক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেশৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান দিল্লীস্থিত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত।

আজি সন্ধিয়া বিবিচি নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰদৰ্শনৰ পৰিকল্পনা কৰাৰ অভিযোগত বিশ্ববিদ্যালয় খনৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক আটক কৰিছে দিল্লী আৰক্ষীয়ে। বিশ্ববিদ্যালয় চৌহদত দিল্লী আৰক্ষীৰ এক সজ্জিত দল উপস্থিত হোৱাৰ পিছতে বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে হাতে-হাতে পোষ্টাৰ লৈ তথা শ্ল’গান আওৰাই প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

উল্লেখ্য যে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ছাত্ৰ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়াই ফেচবুক যোগে বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰখপ প্ৰদৰ্শনৰ কথা ঘোষণা কৰাৰ পিছত মঙলবাৰে জামিয়াৰ কৰ্তৃপক্ষই কেম্পাছত কোনো ধৰণৰ অকৰ্তৃত্বশীল সমাৱেশৰ অনুমতি দিয়া নহ’ব বুলি উল্লেখ কৰিছিল।

এক বিবৃতিত জামিয়া মিলিয়া ইছলামিয়াই কয়, “কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ কোনো ধৰণৰ বৈঠক/সমাবেশ বা কোনো ছবি প্ৰদৰ্শনৰ অনুমতি দিয়া নহ’ব। বিশ্ববিদ্যালয়ৰ শান্তিপূৰ্ণ শৈক্ষিক পৰিৱেশ ধ্বংস কৰিবলৈ নিহিত স্বাৰ্থ থকা লোক বা সংগঠনসমূহক বাধা দিয়াৰ বাবে সকলো সম্ভাৱ্য ব্যৱস্থা গ্ৰহণ কৰা।”

ইফালে মঙলবাৰে সন্ধিয়া দেশৰ আন এখন শীৰ্ষস্থানীয় উচ্চশিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো একাংশ ছাত্ৰ-ছাত্ৰীয়ে তথ্যচিত্ৰখন প্ৰদৰ্শনৰ আয়োজন কৰিছিল। কিন্তু এই কাৰ্যসূচী গ্ৰহণৰ পাছতে চৌহদত বন্ধ হৈ পৰিছিল ইণ্টাৰনেট আৰু বিদ্যুৎ সংযোগ।

এনে পৰিস্থিতিত বিশ্ববিদ্যালয়ৰ বাহিৰতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ফোন বা লেপটপত তথ্যচিত্ৰখন দৰ্শন কৰিছিল। বিদ্যুৎ তথা ইণ্টাৰনেট কৰ্তনক লৈ সন্ধিয়া প্ৰতিবাদো সাব্যস্ত কৰিছিল শিক্ষাৰ্থীসকলে। আনহাতে তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছিল জেএনইউ কৰ্তৃপক্ষই। শিক্ষাৰ্থীসকলৰ এই পদক্ষেপে কেম্পাছৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে বুলি কৰ্তৃপক্ষই উল্লেখ কৰিছিল।

বিশ্ববিদ্যালয়ৰ এই কাৰ্যৰ পিছতে ছাত্ৰ সংগঠন এছ এফ আইৰ নেতা ভাৰ্কে পাৰাক্কেলে কয়, “ছাত্ৰ-ছাত্ৰীসকলে কোনো অবৈধ কাম কৰা নাছিল। তথ্যচিত্ৰখন আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰা হোৱা নাই। চৰকাৰৰ বিৰুদ্ধে মত পোষণ কৰাটো সংবিধানত সন্নিৱিষ্ট এক অধিকাৰ।”

“যদিহে উচ্চশিক্ষাৰ স্থান- য’ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশ্ন কৰিবলৈ, সমালোচনা কৰিবলৈ, মত বিৰোধ কৰিবলৈ কৰিবলৈ শিকোৱা হয় তাতে গণতন্ত্ৰৰ এই মৌলিক গুণবোৰক অস্বীকাৰ কৰা হৈছে, তেতিয়াহ’লে ই বিশ্বৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ বুলি কোৱা দেশখনৰ এক অতি বিপজ্জনক ধাৰা বহন কৰিছে।”— ছাত্ৰ নেতাগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে BBC-য়ে ২০০২ চনৰ গুজৰাটৰ গোধৰা হিংসাত্মক কাণ্ডৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্য চিত্ৰতে ব্ৰিটিছ সংবাদ সংস্থাটোৱে গোধৰা হিংসাত্মক কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত আছিল বুৰি গুৰুতৰ তথা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

গোধৰাত সংঘৰ্ষৰ নামত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল বুলি উল্লেখ কৰি তথ্যচিত্ৰখনত এই সংঘৰ্ষটো ৰাজনৈতিকভাৱে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছিল বুলিও দেখুওৱা হৈছে। কট্টৰ হিন্দুত্ববাদী সংগঠন আৰএছএছ আৰু বিশ্ব হিন্দু পৰিষদ সদ্যসকল এই সংঘৰ্ষত জড়িত থকা বুলি তথ্যচিত্ৰখনত লগতে উল্লেখ কৰা হৈছে।

আনহাতে তথ্যচিত্ৰখনে আক্ৰমণকাৰীৰ বিৰুদ্ধে মোদীৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা আৰু তৎপৰতা লোৱা নাছিল বুলি দাবী কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আৰক্ষীক বাধা প্ৰদান কৰিছিল বুলি গুৰুতৰ দাবী উত্থাপন কৰিছে। এইদৰে মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনতাৰে আক্ৰমণকাৰীক উৎসাহিত কৰিছিল আৰু মোদীৰ মন্ত্ৰীসকলেও হিংসাক প্ৰশ্ৰয় দি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক হিংসাত্মক কাণ্ডক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিছিল বুলিও দাবী কৰা হৈছে।

ইফালে ভাৰত চৰকাৰে তথ্যচিত্ৰখন ঔপনিৱেশিক মনোবৃত্তিৰে নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ কৰি ইউটিউব আৰু টুইটাৰক তথ্যচিত্ৰখনৰ দৃশ্যাংশ আৰু লিংক শ্বেয়াৰ কৰা যিকোনো পোষ্ট বা ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd