ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতে আজি শিৱসাগৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ল ৪১ গৰাকী পৰীক্ষাৰ্থী। এই ঘটনাক লৈ শিৱসাগৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী মতে, জিলাখনৰ ২১ খন বিদ্যালয়ৰ ৪১ গৰাকী পৰীক্ষাৰ্থীয়ে ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত হিন্দী বিষয়ৰ পৰীক্ষা দিবলৈ নিৰ্দ্ধাৰিত সময়ত উপস্থিত হৈছিল।
পৰীক্ষা কেন্দ্ৰটোলৈ আহি তেওঁলোকে গম পালে যে আজি হিন্দী বিষয়ৰ পৰীক্ষী নাই, ২ জুলাইত ইতিমধ্যে হিন্দী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈ গ’ল।
বঞ্চিত ছাত্ৰ ছাত্ৰী সকলে অভিযোগ কৰে যে তেওঁলোকৰ নিজ নিজ বিদ্যালয়ৰ পৰা ৬ জুলাইত হিন্দী বিষয়ৰ পৰীক্ষা আছে বুলিয়েই অৱগত কৰিছিল।
আনহাতে, ঘটনাৰ সন্দৰ্ভত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষাই জানিবলৈ দিয়ে যে পৰীক্ষা ছেবাই নিৰ্দ্ধাৰণ কৰি দিয়া সময়সূচী মতেই পৰীক্ষা অনুষ্ঠিত হৈছে।
তেওঁ কয়, ‘’পৰীক্ষাৰ সূচী মতে ২ জুলাইত হিন্দী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈ যায় যদিও সেইদিনা পৰীক্ষাত ৪১ গৰাকী পৰীক্ষাৰ্থী অনুপস্থিত আছিল। আজি হিন্দী বিষয়ৰ পৰীক্ষা যিহেতু নাই গতিকে এই সকল ছাত্ৰ ছাত্ৰীক পৰীক্ষাত বহিবলৈ কোনোপধ্যে দিব নোৱাৰি। আজি ঐচ্ছিক গণিত, বুৰঞ্জী, ভূগোল আৰু সংস্কৃত বিষয়ৰ পৰীক্ষা হে অনুষ্ঠিত হ’ব।‘’
জানিব পৰা মতে, ছেবাই প্ৰকাশ কৰিছিল দুখনকৈ পৰীক্ষাৰ সূচী। সেই অনুসৰি বিদ্যালয়ে ছাত্ৰ-ছাত্ৰী সকলক ৬ জুলাইত হিন্দী পৰীক্ষা আছে বুলি জনাইছিল।
ইপিনে, ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত। পৰীক্ষাৰ সময়সূচীৰ বিসংগতিৰ বাবে হিন্দী বিষয়ৰ পৰীক্ষাত বহাৰ পৰা বঞ্চিত হ’ল এই ৪১ গৰাকী পৰীক্ষাৰ্থী। কাৰ ভুলৰ বাবে আজি এই ৪১ গৰাকী পৰীক্ষাৰ্থীয়ে শিক্ষাবৰ্ষৰ এটা বছৰ হেৰোৱাৰ উপক্ৰম হৈছে। ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে ঘটনাৰ এক উচিত তদন্ত বিচাৰিছে।