DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুকলমে স্বগৃহলৈ উভতি আহিল ইউক্ৰেইনত আৱদ্ধ অসমৰ দহগৰাকী শিক্ষাৰ্থী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 27, 2022 6:40 pm
সুকলমে স্বগৃহলৈ উভতি আহিল ইউক্ৰেইনত আৱদ্ধ অসমৰ দহগৰাকী শিক্ষাৰ্থী
144
VIEWS
Share on FacebookShare on Twitter

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি মুম্বাই আৰু নতুন দিল্লীত পৃথক বিমানেৰে অৱতৰণ কৰিলে অসমৰ কমেও দহজন শিক্ষাৰ্থীয়ে। অসমৰ শিক্ষাৰ্থী কেইগৰাকীয়ে  যোৱানিশা মুম্বাই আৰু দিল্লীত অৱতৰণ কৰাৰ পিছতে আজি তেওঁলোকে মাতৃভূমি অসম আহি পায়হি।

মুম্বাইত অসম ভৱনৰ বিষয়াসকলে ইউক্ৰেইনৰ পৰা আহি ভাৰতত উপস্থিত হোৱা শিক্ষাৰ্থীসকলক আদৰণি জনায়।
অসমৰ শিক্ষাৰ্থী কেইগৰাকীক গুৱাহাটীলৈ বিনামূলীয়া ভ্ৰমণৰ সকলো ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে।
অসমৰ দুই ছাত্ৰী ক্ৰমে তন্ময়ী পৰাশৰ আৰু চিয়া দাসে আজি গুৱাহাটীত আহি উপস্থিত হৈছে৷

গুৱাহাটীৰ বাসিন্দা দুয়োগৰাকী ছাত্ৰীয়ে ইউক্ৰেইনৰ পৰা ২৬ ফেব্ৰুৱাৰীৰ নিশা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে মুম্বাইত উপস্থিত হৈছিল। তেওঁলোকক অসম ভৱনৰ বিষয়াসকলে আদৰণি জনায় আৰু গুৱাহাটীলৈ বিনামূলীয়া ভ্ৰমণৰ ব্যৱস্থা কৰি দিয়ে।

ছাত্ৰীদুগৰাকীয়ে আজি পুৱা মুম্বাইৰ পৰা ইণ্ডিগো বিমানেৰে আহি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে। আনহাতে, কামৰূপ জিলাৰ শুৱালকুছিৰ হিমাশ্ৰী কাকতি আৰু গুৱাহাটীৰ মালিগাঁৱৰ ডেইজী বসুমতাৰীয়েও সুৰক্ষিত ভাবে নিজৰ ঘৰ আহি পাইছে।

তেওঁলোকে যোৱা নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে দিল্লী পাইছিল ।

ইফালে, ইউক্ৰেইনৰ বুকোভিনিয়ান ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা অসমৰ বিশ্বনাথ চাৰিআলিৰ গহপুৰৰ অনুৰাগ ভূঞা আৰু গুৱাহাটীৰ কৃতিকাই দেওবাৰে পুৱা ৩:১৫ বজাত দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁলোকক অসম ভৱনৰ বিষয়াসকলে মাতৃভূমিলৈ প্ৰেৰণৰ দিহা কৰে।

অসমলৈ সুকলমে উভতি অহা শিক্ষাৰ্থীসকল হৈছে ক্ৰমে তন্ময়ী পৰাশৰ, চিয়া দাস, ডেইজী বসুমতাৰী ,কৃতিকা বসন্ত (গুৱাহাটী), অনুৰাগ ভূঞা (গহপুৰ) হিমাশ্ৰী কাকতি (শুৱালকুছি),নগাঁৱৰ সমন্বয় কুমাৰ শৰ্মা,নলবাৰীৰ অংশুমান শৰ্মা, ৩ )কামাখ্যা ধামৰ গুণজিৎ কাশ্যপ আৰু নগাঁৱৰ সজন হাজৰিকা।

 উল্লেখ্য এয়াৰ ইণ্ডিয়াৰ প্ৰথম খন বিমানে ২১৯ জন যাত্ৰী কঢ়িয়াই আনিছিল। বিমান খনত বেছিভাগ যাত্ৰীয়েই আছিল ছাত্ৰ-ছাত্ৰী । ইয়াৰোপৰি ২৫০ আৰু ২৪০ জন যাত্ৰী কঢ়িয়াই অনা দ্বিতীয় তথা  তৃতীয় বিমান দুখনেও দেওবাৰে দিল্লীত উপস্থিত অৱতৰণ কৰিছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd