মাজুলীৰ সীমান্তৱৰ্তী বৰালীমৰা অঞ্চলত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ

students sailing boat

মাজুলীত নাওৰে স্কুললৈ যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ। উৎস-ইণ্টাৰনেট

মাজুলীৰ সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ অন্তৰ্গত বৰালীমৰা অঞ্চলত বছৰ বছৰ ধৰি যাতায়াতৰ দুৰৱস্থাই জীয়াতু ভোগাই আহিছে অঞ্চলটোৰ জনসাধাৰণক ।

বাট-পথৰ অতি বেয়া অৱস্থাৰ বাবে আৰু প্ৰয়োজনীয় দলঙৰ সুবিধা নথকা বাবে অঞ্চলটোৰ পৰা বিদ্যালয়লৈ অহা-যোৱা কৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অতি বিপদসংকুলভাৱে টুলুঙা নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছে।

উল্লেখযোগ্য যে, নামনি মাজুলীৰ নতুন চাপৰি আৰু বৰালিমৰা সংযোগী পথৰ খেৰকতীয়া নদী পাৰ হোৱাৰ বাবে কোনোধৰণৰ দলং নথকাৰ ফলত বাৰিষা অঞ্চলটোৰ জনসাধাৰণ আৰু বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলে টুলুঙা নাৱত উঠিয়ে নদী পাৰ হ’বলগীয়া হৈছে।

অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ লোকৰ বাবে এতিয়া এইছোৱা পথৰ একমাত্ৰ ভৰষা হ’ল টুলুঙা নাও। নতুন চাপৰি, বৰালীমৰা, চিলাকলা বালিচাপৰি, পাথৰিচুক, কামৰেগ, বৰবালি, যোগীবাৰী, ললিতিমৰাং, দামবুক, দুঘৰিয়াকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে নাৱেৰে যাত্ৰা কৰি অহা-যোৱা কৰি আছে।

অঞ্চলটোৰ ৰাইজে বিভিন্ন সময়ত চৰকাৰ তথা মাজুলী জিলা আৰু লখিমপুৰ জিলা প্ৰশাসনক আবেদন-নিবেদন কৰি অহাৰ পাছতো আজি পৰ্য্যন্ত এই পথছোৱাত এখন দলং নিৰ্মাণ নহ’ল যাৰবাবে বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলা সকলোৱে দুৰ্ঘটনাৰ আশংকা কৰিয়ে বিপদ সংকুলভাৱে যাতায়ত কৰি আহিছে।