“কেব”ৰ বিৰুদ্ধে ওলাই আহিল অৰুণাচলৰ ছাত্ৰ সমাজ; অসমৰ কাষত থিয় হোৱাৰ সংকল্প

বিজেপি আৰু আৰ এছ এছৰ “মতাদৰ্শ”ৰ পৰা আজাদী বিচাৰিলে অৰুণাচলৰ ছাত্ৰ সমাজে

CAB Protest Arunachal

আজি অৰুণাচল প্ৰদেশত ৰাজ্যখনৰ ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এটা বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়।

ৰাজ্যখনৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আজি নিৰজুলিৰ পৰা ইটানগৰলৈকে প্ৰায় ৩০ কিলোমিটাৰ জোৰা পদযাত্ৰা কৰি গণতান্ত্ৰিকভাৱে বিধেয়কখনৰ আৰু সৰ্বোপৰি বিজেপি আৰু আৰ এছ এছৰ মতাদৰ্শৰ বিৰোধিতা কৰে।

প্ৰতিবাদকাৰীসকলে বিজেপি আৰু আৰ এছ এছৰ পৰা আজাদী বিচাৰি শ্ল’গান দিয়ে।

ইনাৰলাইন পাৰ্মিট থকা ৰাজ্যখন “কেব”ৰ আওতাৰ পৰা বাদ পৰিছে যদিও অসমৰ কাষত থিয় হোৱাৰ কথা ছাত্ৰ-ছাত্ৰীসকলে ঘোষণা কৰে।

“আমাৰ প্ৰতিৱেশী অসমৰ সংকটৰ সময়ত আমি নীৰৱে থাকিব নোৱাৰো। ইয়াৰ পিছত অৰুণাচলৰ পাল আহি আছে। গতিকে আমি একেলগে থিয় হ’ব লাগিব”, এজন ছাত্ৰ নেতাই কয়।

ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি তেওঁ সমগ্ৰ উত্তৰ-পূবৰ খিলঞ্জীয়া লোক একেলগ হোৱাৰ আহ্বান জনায়।

প্ৰতিবাদকাৰীসকলে “CAB আমি নামানো, নামানো, নামানো” বুলি অসমীয়াত লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ উপৰি অসমীয়াতো শ্ল’গান দিয়ে, “CAB আমি নামানো”।

কিছু সংখ্যকে শ্ল’গান দি কয়, “য়ে বিল নেহী কিল হে”।

কিছু সংখ্যক প্ৰতিবাদকাৰীয়ে প্লেকাৰ্ডত মোদীক উদ্দেশ্যি লিখে, “মোদী চায় বেচৌ, দেশ নেহী”।

প্লেকাৰ্ডত আৰু দেখা যায়, “CAB you are not welcome. Our land is not for sale.”

ছাত্ৰ নেতাসকলে অভিযোগ কৰি কয় যে গোটেই নৰ্থ-ইষ্টে প্ৰতিবাদ কৰিলে, কিন্তু মেইনলেণ্ড ইণ্ডিয়াই কোনো কথালৈ কৰ্ণপাত নকৰিলে।