আইআইটি গুৱাহাটীত অনুষ্ঠিত ৰবটিকছ প্ৰতিযোগিতাত উজলিল ছিকিমৰ ছাত্ৰীৰ দল

IMG-20180903-WA0011 (1)

গেংটকৰ পালজোৰ নামগ্যাল গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ( Paljor Namgyal Girls Senior Secondary School) অটল টিংকাৰিং লেবৰ (ATL) ছাত্ৰীসকলে আন্তৰ্জাতিক পৰ্যায়ৰ ৰবটিকছ প্ৰতিযোগিতা ৰবোজেষ্ট-২০১৮ত ( ROBOZEST 2018) তেওঁলোকৰ মেধাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাখন গুৱাহাটী আইআইটিত বাৰ্ষিকভাৱে অনুষ্ঠিত টেক-ফেষ্ট, টেকনিচিৰ এটা অংগ। যোৱা ১ ছেপ্টেম্বৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়।

পালজোৰ নামগ্যাল গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুটা দলে মে’ড-ফ্ৰম-দ্য-স্ক্ৰেচ-ৰবটছেৰে গ্ৰেণ্ড ফিনালেত প্ৰৱেশ কৰে। এই প্ৰতিযোগিতাখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হৈ পৰাটো পৰিলক্ষিত হয়।

দলটোৰৰ এগৰাকী সদস্যই প্ৰস্তুত কৰা ৰবটৰ নক্সাটো বিজয়ী সাব্যস্ত হয়। প্ৰতিযোগিতাত উত্তীৰ্ণ কৰাৰ ক্ষেত্ৰত ৰবটৰ নক্সাৰ চাৰ্কিটৰ স্পষ্টতা আৰু নক্সাটো কিমান সুন্দৰ হৈছে তাকো বিচাৰ কৰা হৈছিল।

ছিকিমৰ ছাত্ৰীৰ দলে এইবাৰ প্ৰথমবাৰৰ বাবে ৰবটিকছ প্ৰতিযোগিতাত বিজয়ী হৈছে।

বিজয়ী দলটোত আছে সুপ্ৰিয়া শৰ্মা, সৃষ্টি তামাং, ভুমিকা শৰ্মা আৰু মেল’ডী সুনৱাৰ। তেওঁলোক আটাইকেইগৰাকী দ্বাদশ মানৰ বিজ্ঞান শাখাৰ ছাত্ৰী। একেদৰে গ্ৰেণ্ড ফিনালত উপনীত হোৱা পালজোৰ নামগ্যাল গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এটিএল দলটোৰ সদস্যসকল হৈছে সুলোচনা লামিচানে, দৰ্শনা চেত্ৰী, আৰতী লোহাৰ, বেবী ছুব্বা। তেওঁলোকো দ্বাদশ মানৰ বিজ্ঞান শাখাৰ ছাত্ৰী।

ছাত্ৰীসকলৰ সৈতে তেওঁলোকৰ শিক্ষাগুৰু আইভান ডোৰজি লেপছাও এই প্ৰতিযোগিতাত উপস্থিত আছিল। তেওঁ তেওঁ ছাত্ৰীসকলৰ কৃতকাৰ্যতাত আন্তৰিক আনন্দ প্ৰকাশ কৰে।