NORTHEAST NOW (Assamese)

বিশ্ব যুৱ মহোৎসৱত প্ৰতিভাৰ প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী

September 11, 2025 7:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 11, 2025 7:27 pm

চলিত বৰ্ষৰ ১৭২১ ছেপ্টেম্বৰৰ পৰা ৰাছিয়াৰ নিজনী নভগৰডত অনুষ্ঠিত হবলগীয়া বিশ্ব যুৱ মহোৎসৱ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই প্ৰতিভাধৰ শিক্ষাৰ্থী জ্যোতিষ্মা মেধি আৰু অয়ন চিলা ওজাক নিৰ্বাচিত কৰা হৈছে৷ ৬০,০০০ৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা তেওঁলোকৰ নিৰ্বাচনে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰিয়ালক স্বাভাৱিকতে আনন্দিত কৰি তুলিছে৷

বিশ্ব যুৱ মহোৎসৱ সন্মিলনত এছিয়া, আফ্ৰিকা, ইউৰোপ, আৰু লেটিন আমেৰিকাৰ ১০০০ৰো অধিক যুৱ প্ৰতিভাক একত্ৰিত কৰি বিশ্বব্যাপী সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এক মঞ্চৰ সৃষ্টি কৰিব। জ্যোতিষ্মা আৰু আয়নে ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা দিল্লীৰ পৰা মস্কোলৈ যাত্ৰা আৰম্ভ কৰিব আৰু এই উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে মস্কো আৰু চেণ্ট পিটাৰ্ছবাৰ্গকে ধৰি ৰাছিয়াৰ প্ৰাচীন চহৰসমূহ ভ্ৰমণ কৰাৰ সুযোগ পাব।

যোৱা বছৰ ৰাছিয়াৰ ছোচিত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ পাছত এই খৱৰ অতি আশাপ্ৰদ। এই উল্লেখযোগ্য সুযোগৰ সুবিধা প্ৰদান কৰাৰ বাবে বিশ্ববিদ্যালয়খনে ৰাছিয়াৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।বিশ্ব যুৱ মহোৎসৱ সমাবেশত ব্যৱহাৰিক কৰ্মশালা, আৰু প্ৰখ্যাত ৰাছিয়ান আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ নেতৃত্বত মাষ্টাৰক্লাছকে ধৰি এক প্ৰেৰণাদায়ক কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই অনুষ্ঠানে অংশগ্ৰহণকাৰীসকলক বিশ্ব সম্প্ৰদায়ৰ সৈতে নিজৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম কৰাৰ লগতে দক্ষতা বিকাশ, আৰু ভৱিষ্যতক গঢ় দিয়া দূৰদৰ্শী প্ৰকল্প সৃষ্টিৰ বাবে উদ্বুদ্ধ কৰিব।

Related News