NORTHEAST NOW (Assamese)

UGC New Rule: ইউজিচিৰ নতুন নিয়ম! স্নাতকোত্তৰ অধ্যয়ন অবিহনে পোনপটীয়াকৈ পিএইচডিৰ সুযোগ

December 15, 2022 5:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 15, 2022 5:13 pm
প্ৰতিনিধিত্বমূলক ফটো।

পিএইচডি পৰ্যায়ত অধ্যয়ন কৰিবলৈ স্নাতক হোৱাৰ পিছত স্নাতকোত্তৰ অধ্যয়ন কৰাটোও জৰুৰী। কিন্তু এতিয়াৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰিয়েই পিএইচডি কৰিব পৰা যাব। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি)ৰ নতুন নিৰ্দেশনাৱলীত এইটোৱেই কোৱা হৈছে।

বৰ্তমানৰ প্ৰচলিত নিয়ম অনুসৰি তিনি বছৰৰ স্নাতক অধ্যয়নৰ পিছত দুবছৰৰ স্নাতকোত্তৰ পৰ্যায়ৰ অধ্যয়ন কৰিব লাগিব। তেতিয়াহে কোনোৱে গৱেষণা স্তৰৰ অধ্যয়নৰ বাবে আবেদন কৰিব পাৰে। কিন্তু নতুন নিয়মত কোনোৱে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন নকৰিলেও হ’ব। স্নাতক পৰ্যায়ৰ পিছত পোনপটীয়াকৈ পিএইচডিৰ বাবে আবেদন কৰিব পাৰিব।

লগতে পঢ়ক: বিয়াৰ বাবে হেঁচা প্ৰেমিকাৰ! গুজৰাট ফুৰাবলৈ নি যুৱতীক ৪৯ বাৰ হানি-খুচি হত্যা প্ৰেমিকৰ

অৱশ্যে নতুন নিৰ্দেশনা অনুসৰি, স্নাতক পৰ্যায় তিনি বছৰৰ পৰিৱৰ্তে চাৰি বছৰীয়া পাঠ্যক্ৰম হ’ব। এই নতুন পাঠ্যক্ৰমৰ অধ্যয়ন চিবিচিএছ (চইচ আধাৰিত ক্ৰেডিট চিষ্টেম) প্ৰণালীত আৰম্ভ হ’ব। কিন্তু আয়োগে এই মুহূৰ্তত পুৰণি স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম বন্ধ কৰাৰ কথা চিন্তা কৰা নাই। বৰঞ্চ নতুন আৰু পুৰণি দুয়োটা পাঠ্যক্ৰম একেলগে অব্যাহত থাকিব।

ইউজিচিৰ অধ্যক্ষ জগদীশ কুমাৰৰ মতে বিশ্ববিদ্যালয়সমূহক তিনি বছৰীয়া বা চাৰি বছৰীয়া পাঠ্যক্ৰম বাছনি কৰাৰ স্বাধীনতা দিয়া হ’ব।

অধ্যক্ষগৰাকীয়ে কয় যে এপিনে শিক্ষাৰ্থীসকলে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰ চাপ ল’ব নালাগে। তদুপৰি, শিক্ষাৰ্থীসকলে নতুন গাঁথনিত এটা বা দুটা মেজৰ বিষয় বাছনি কৰিব পাৰিব। ইয়াত সন্মান পাঠ্যক্ৰমৰ মুখ্য বিষয়টোৰ বিষয়ে অধিক খৰচি জানিবলৈ সুযোগ পোৱা যাব।

লগতে পঢ়ক: FIFA World Cup 2022: কাটাৰত এমবাপেৰ জীৱনলৈ নতুন প্ৰেম ‘ৰ’জ’! অতীত হ’ল নেকি ট্ৰেন্স মডেল ইননেছ ৰাউ?

আয়োগে জনাইছে যে চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী (এফৱাইইউপি) নামৰ নতুন গাঁথনিটো আৰম্ভ কৰাৰ আঁৰত মুখ্যতঃ দুটা উদ্দেশ্য আছে। চাৰি বছৰীয়া পাঠ্যক্ৰমৰ শেষত শিক্ষাৰ্থীয়ে বিচাৰিলে চাকৰিৰ বাবে আবেদন কৰিব পাৰে বা তেওঁলোকৰ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ পিএইচডিত নাম ভৰ্তি কৰিব পাৰে।

আয়োগৰ মতে, নতুন গাঁথনিটোৱে আগৰ গাঁথনিতকৈ কিছু অধিক সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে চাৰি বছৰীয়া পাঠ্যক্ৰমত নিজৰ বিষয়টো অধ্যয়ন কৰাৰ উপৰিও এটা সম্পূৰ্ণ বেলেগ বিষয়ও বাছনি কৰিব পাৰিব।

লগতে পঢ়ক: উত্তৰ কোৰিয়াত গাখীৰ আৰু কফি বিক্ৰী কৰি কাৰাৰুদ্ধ যুৱক

তদুপৰি, বিষয়টোৰ ওপৰত শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে পাঠ্যক্ৰমত কেইবাটাও পাঠ্যক্ৰম থাকিব। শিক্ষাৰ্থীসকলক কিছুমান বিষয়ত তেওঁলোকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিবলৈ ইণ্টাৰ্নশ্বিপৰ সুবিধাও দিয়া হ’ব। ই পিছত কৰ্মক্ষেত্ৰত সুবিধা হ’ব। কিন্তু গোটেই বিষয়টো এতিয়া বিশ্ববিদ্যালয়সমূহৰ ওপৰত নিৰ্ভৰ কৰিছে।

Related News