উত্তৰ কোৰিয়াক ১০ লাখ ডলাৰৰ ষ্ট্ৰবেৰী ফ্লেভাৰযুক্ত গাখীৰ আৰু কফি বিক্ৰী কৰি জেললৈ গ’ল ছিংগাপুৰৰ এজন লোক। কাৰাদণ্ডৰ শাস্তি পোৱা ব্যক্তিজন হৈছে ফুয়া চে হে (৫৯)। ফুয়া চে হে হৈছে ছিংগাপুৰৰ শীতল পানীয় কোম্পানী পক্কা ইণ্টাৰনেশ্যনেলৰ প্ৰাক্তন মেনেজাৰ।
যোৱা সোমবাৰে ছিংগাপুৰৰ আদালতে ফুৱাক দোষী সাব্যস্ত কৰি পাঁচ সপ্তাহৰ কাৰাদণ্ড বিহে। কিম জং উনৰ দেশ উত্তৰ কোৰিয়াত পাৰমাণৱিক আৰু বেলিষ্টিক মিছাইল পৰীক্ষণৰ বাবে ৰাষ্ট্ৰসংঘই জনাইছিল নিষেধাজ্ঞা। তদুপৰি ছিংগাপুৰে ২০১৭ চনত উত্তৰ কোৰিয়াৰ সৈতে বন্ধ কৰি দিছিল বাণিজ্যিক সম্পৰ্ক ।
আদালতৰ নথি অনুসৰি ফুৱাই পক্কা ইণ্টাৰনেশ্যনেলত কাম কৰাৰ সময়ত ২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত কেইবাটাও কোম্পানীক ষ্ট্ৰবেৰীৰ সোৱাদযুক্ত গাখীৰ আৰু কফি বিক্ৰী কৰিছিল। তেওঁ জানিছিল যে এই সামগ্ৰীসমূহৰ গন্তব্যস্থান উত্তৰ কোৰিয়া।
আদালতৰ নথি অনুসৰি ফুয়াই প্ৰডাক্ট বিক্ৰীৰ পৰা কোনো কমিচন লাভ কৰা নাছিল। কিন্তু এই সামগ্ৰীসমূহ বিক্ৰী কৰি তেওঁক মাহেকীয়া বিক্ৰীৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিছিল। যাৰ বাবে উত্তৰ কোৰিয়াত শাস্তিৰ সন্মুখীন হ’বলগা হ’ল শীতল পানীয় কোম্পানী পক্কা ইণ্টাৰনেশ্যনেলৰ প্ৰাক্তন মেনেজাৰ ফুয়া চে হে।