• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

UGC New Rule: ইউজিচিৰ নতুন নিয়ম! স্নাতকোত্তৰ অধ্যয়ন অবিহনে পোনপটীয়াকৈ পিএইচডিৰ সুযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2022 5:10 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

126
VIEWS
Share on FacebookShare on Twitter

পিএইচডি পৰ্যায়ত অধ্যয়ন কৰিবলৈ স্নাতক হোৱাৰ পিছত স্নাতকোত্তৰ অধ্যয়ন কৰাটোও জৰুৰী। কিন্তু এতিয়াৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰিয়েই পিএইচডি কৰিব পৰা যাব। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি)ৰ নতুন নিৰ্দেশনাৱলীত এইটোৱেই কোৱা হৈছে।

বৰ্তমানৰ প্ৰচলিত নিয়ম অনুসৰি তিনি বছৰৰ স্নাতক অধ্যয়নৰ পিছত দুবছৰৰ স্নাতকোত্তৰ পৰ্যায়ৰ অধ্যয়ন কৰিব লাগিব। তেতিয়াহে কোনোৱে গৱেষণা স্তৰৰ অধ্যয়নৰ বাবে আবেদন কৰিব পাৰে। কিন্তু নতুন নিয়মত কোনোৱে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন নকৰিলেও হ’ব। স্নাতক পৰ্যায়ৰ পিছত পোনপটীয়াকৈ পিএইচডিৰ বাবে আবেদন কৰিব পাৰিব।

লগতে পঢ়ক: বিয়াৰ বাবে হেঁচা প্ৰেমিকাৰ! গুজৰাট ফুৰাবলৈ নি যুৱতীক ৪৯ বাৰ হানি-খুচি হত্যা প্ৰেমিকৰ

অৱশ্যে নতুন নিৰ্দেশনা অনুসৰি, স্নাতক পৰ্যায় তিনি বছৰৰ পৰিৱৰ্তে চাৰি বছৰীয়া পাঠ্যক্ৰম হ’ব। এই নতুন পাঠ্যক্ৰমৰ অধ্যয়ন চিবিচিএছ (চইচ আধাৰিত ক্ৰেডিট চিষ্টেম) প্ৰণালীত আৰম্ভ হ’ব। কিন্তু আয়োগে এই মুহূৰ্তত পুৰণি স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম বন্ধ কৰাৰ কথা চিন্তা কৰা নাই। বৰঞ্চ নতুন আৰু পুৰণি দুয়োটা পাঠ্যক্ৰম একেলগে অব্যাহত থাকিব।

ইউজিচিৰ অধ্যক্ষ জগদীশ কুমাৰৰ মতে বিশ্ববিদ্যালয়সমূহক তিনি বছৰীয়া বা চাৰি বছৰীয়া পাঠ্যক্ৰম বাছনি কৰাৰ স্বাধীনতা দিয়া হ’ব।

অধ্যক্ষগৰাকীয়ে কয় যে এপিনে শিক্ষাৰ্থীসকলে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰ চাপ ল’ব নালাগে। তদুপৰি, শিক্ষাৰ্থীসকলে নতুন গাঁথনিত এটা বা দুটা মেজৰ বিষয় বাছনি কৰিব পাৰিব। ইয়াত সন্মান পাঠ্যক্ৰমৰ মুখ্য বিষয়টোৰ বিষয়ে অধিক খৰচি জানিবলৈ সুযোগ পোৱা যাব।

লগতে পঢ়ক: FIFA World Cup 2022: কাটাৰত এমবাপেৰ জীৱনলৈ নতুন প্ৰেম ‘ৰ’জ’! অতীত হ’ল নেকি ট্ৰেন্স মডেল ইননেছ ৰাউ?

আয়োগে জনাইছে যে চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী (এফৱাইইউপি) নামৰ নতুন গাঁথনিটো আৰম্ভ কৰাৰ আঁৰত মুখ্যতঃ দুটা উদ্দেশ্য আছে। চাৰি বছৰীয়া পাঠ্যক্ৰমৰ শেষত শিক্ষাৰ্থীয়ে বিচাৰিলে চাকৰিৰ বাবে আবেদন কৰিব পাৰে বা তেওঁলোকৰ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ পিএইচডিত নাম ভৰ্তি কৰিব পাৰে।

আয়োগৰ মতে, নতুন গাঁথনিটোৱে আগৰ গাঁথনিতকৈ কিছু অধিক সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে চাৰি বছৰীয়া পাঠ্যক্ৰমত নিজৰ বিষয়টো অধ্যয়ন কৰাৰ উপৰিও এটা সম্পূৰ্ণ বেলেগ বিষয়ও বাছনি কৰিব পাৰিব।

লগতে পঢ়ক: উত্তৰ কোৰিয়াত গাখীৰ আৰু কফি বিক্ৰী কৰি কাৰাৰুদ্ধ যুৱক

তদুপৰি, বিষয়টোৰ ওপৰত শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে পাঠ্যক্ৰমত কেইবাটাও পাঠ্যক্ৰম থাকিব। শিক্ষাৰ্থীসকলক কিছুমান বিষয়ত তেওঁলোকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিবলৈ ইণ্টাৰ্নশ্বিপৰ সুবিধাও দিয়া হ’ব। ই পিছত কৰ্মক্ষেত্ৰত সুবিধা হ’ব। কিন্তু গোটেই বিষয়টো এতিয়া বিশ্ববিদ্যালয়সমূহৰ ওপৰত নিৰ্ভৰ কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd