থাইলেণ্ডৰ জ্যেষ্ঠ ৰাজকুমাৰী বজ্ৰাকতিয়াভা হৃদৰোগত আক্ৰান্ত হৈছে। ৰাজপ্ৰসাদৰ সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বুধবাৰে উত্তৰ পূব বেংককত কুকুৰক প্ৰশিক্ষণ দি থকাৰ সময়তে হঠাতে হৃদৰোগত আক্ৰান্ত হয় ৪৪ বছৰীয়া ৰাজকুমাৰীগৰাকী।
হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে প্ৰথমে ততাতয়াকৈ ৰাজকুমাৰীক স্থানীয় চিকিৎসালয় ভৰ্তি কৰোৱা হয় যদিও পিছত হেলিকপ্টাৰেৰে বেংককৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
যোৱা নিশা ৰাজপ্ৰসাদৰ পৰা এক বিবৃতি যোগে ৰাজকুমাৰীৰ স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ বুলি প্ৰকাশ কৰিলেও বিবিচিয়ে ইয়াক এতিয়াও ৰহস্যাবৃত বুলি প্ৰকাশ কৰিছে। বিবিচিৰ মতে ৰাজকুমাৰীৰ স্বাস্থ্যৰ অৱস্থা কিমান সংকটজনক সেয়া এতিয়াও স্পষ্ট নহয় আৰু ৰহস্যাবৃত হৈ আছে।
লগতে পঢ়ক: বিয়াৰ বাবে হেঁচা প্ৰেমিকাৰ! গুজৰাট ফুৰাবলৈ নি যুৱতীক ৪৯ বাৰ হানি-খুচি হত্যা প্ৰেমিকৰ
বিবৃতিটোত ৰাজকুমাৰীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে এতিয়াও একো কোৱা হোৱা নাই যদিও চিকিৎসালয়ৰ প্ৰতিবেদনত যথেষ্ট গুৰুতৰ বুলি কোৱা হৈছে।
উল্লেখ্য যে ৰাজকুমাৰী বজ্ৰাকতিয়াভা ৰজাৰ প্ৰথমা পত্নী ৰাজকুমাৰী সোমসাৱালীৰ জ্যেষ্ঠ কন্যা। ২০১৬ চনৰ পৰাই ৰাজকুমাৰীয়ে পিতৃ ৰজা বাজিৰালংকৰ্ণৰ অন্তেষপুৰ অৰ্থাৎ অন্দৰমহলৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালি আহিছে। আনকি ৰাজকুমাৰীক ৰজাৰ ব্যক্তিগত প্ৰহৰীৰ জ্যেষ্ঠ বিষয়া হিচাপেও নিযুক্তি দিয়া হৈছে।
আমেৰিকাৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অহা ৰাজকুমাৰী বজ্ৰাকতিয়াভা ৰাজপৰিয়ালৰ ভিতৰৰ আটাইতকৈ সক্ৰিয় আৰু সপ্ৰতিভ ব্যক্তি। আনুষ্ঠানিক উপাধি থকা ৰজাৰ তিনি সন্তানৰ ভিতৰত অন্যতম আৰু জ্যেষ্ঠ হোৱাৰ বাবে ১৯২৪ চনৰ পেলেচ ল’ অৱ চাক্সেচনৰ অধীনত ৰাজকুমাৰী বজ্ৰাকতিয়াভা থাইলেণ্ডৰ সিংহাসনৰ বাবে যোগ্য বুলি চৰ্চা লাভ কৰি আহিছে।
লগতে পঢ়ক: UGC New Rule: ইউজিচিৰ নতুন নিয়ম! স্নাতকোত্তৰ অধ্যয়ন অবিহনে পোনপটীয়াকৈ পিএইচডিৰ সুযোগ
ৰজা বাজিৰালংকৰ্ণে এতিয়াও সিংহাসনৰ উত্তৰাধিকাৰীৰ নাম উল্লেখ কৰা নাই যদিও ৰাজকুমাৰী বজ্ৰকতিয়াভাকে সৰ্বাধিক উপযুক্ত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। আনহাতে, ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৰাজকুমাৰী বজ্ৰাকতিয়াভাই অষ্ট্ৰিয়াত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব পালন কৰিছিল।