এসময়ত অবিৰত ছন্দত বৈছিল নদী। শুকান মাটি আৰ্দ্ৰতাৰে ভৰি পৰিছিল। সেই নদীপথ দীৰ্ঘতৰ হৈ পৰিছিল। আমাৰ গংগা নদীতকৈও বিশাল। অৱশ্যে সেইবোৰ প্ৰাচীন কালৰ কথা। এতিয়া চুবুৰীয়া মংগল গ্ৰহ শুকান। ইয়াৰ শিলৰ পৃষ্ঠভাগৰ বাবে ইয়াক ৰঙা গ্ৰহ বুলি কোৱা হয়।
এই গ্ৰহটো আচলতে বসবাসযোগ্য নেকি সেইটো নিৰ্ণয় কৰিবলৈ বহুদিন ধৰি গৱেষণা চলি আহিছে। আৰু সেই গৱেষণাৰ ফলস্বৰূপে শেহতীয়াকৈ বিজ্ঞানীসকলে মংগল গ্ৰহত নদীপথৰ অস্তিত্ব বিচাৰি পোৱা বুলি দাবী কৰিছে।
কোৱা হৈছে যে এই জলভাগৰ দৈৰ্ঘ্য আছিল ১৫ হাজাৰ কিলোমিটাৰ। মংগল গ্ৰহৰ মাটি ভবাতকৈও আৰ্দ্ৰ আছিল। পৃথিৱীতকৈও বেছি। বিজ্ঞানীসকলৰ এনে দাবীৰ পিছত চুবুৰীয়া গ্ৰহটোক লৈ নতুন ধাৰণাৰ জন্ম হৈছে।
ব্ৰিটেইনৰ মহাকাশ গৱেষণা সংস্থাৰ সহযোগত ওপেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে মংগল গ্ৰহৰ ওপৰত এক অধ্যয়ন চলাই আছে। দলটোৰ মুখ্য বিজ্ঞানী এডাম লুস্কটে কয় যে তেওঁলোকে হাই ৰিজ’লিউচন কেমেৰা ব্যৱহাৰ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে।
মূলতঃ তিনিটা যন্ত্ৰৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি এই গৱেষণা চলোৱা হৈছে। কনটেক্সট কেমেৰা, মাৰ্চ অৰ্বিটাৰ লেজাৰ এলটিমিটাৰ আৰু হাই ৰিজ’লিউচন ইমেজিং ছায়েঞ্চ এক্সপেৰিমেন্ট।
মংগল গ্ৰহৰ ‘নোয়াচিছ টেৰা’ অঞ্চলৰ অৱস্থান আৰু নদীপথৰ ৰূপ সংক্ৰান্ত তথ্য বিশ্লেষণ কৰি যিটো জনা গৈছে সেয়া বহুখিনি এনেকুৱা – এসময়ত ৰঙা গ্ৰহটোত বিস্তৃত নদীপথ আছিল। সেইবোৰৰ মাজত আন্তঃসংযোগ আছিল। সেই অঞ্চলবোৰ পানীৰে ভৰা আছিল। আৰু এই সকলোবোৰৰ পৰাই ইংগিত পোৱা যায় যে মংগল গ্ৰহ এসময়ত জীৱন ধাৰণৰ বাবে উপযোগী আছিল।
প্ৰায় এক কোটি বছৰৰ আগৰ সেই দিনবোৰ কেনেকুৱা আছিল? শেহতীয়া গৱেষণাৰ ফলাফল অনুসৰি এক বিশাল অঞ্চলৰ মাজেৰে কেইবা হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীপথ আছিল। মাটিৰ পৰা ইহঁতৰ উচ্চতা আছিল প্ৰায় ১০ মিটাৰ।
নদীপথৰ মাজত আন্তঃসংযোগে আৰু ইয়াৰ প্ৰবাহে কেৱল গ্ৰহটোৰ এটা পৰ্যায়কে চিনাক্ত নকৰে। ইয়াৰ ভূতাত্ত্বিক তাৎপৰ্য আছে। ৩৭০ কোটি বছৰ আগতে মংগল গ্ৰহত এইটোৱেই পানীৰ মূল উৎস আছিল। সেই সময়তো শীতল পানীৰে ইয়াৰ মাটি সিক্ত হোৱা নাছিল।
বিজ্ঞানী লুস্কটৰ ভাষাত “মংগল গ্ৰহৰ নোয়াচিছ টেৰা অঞ্চল, যিটোৰ ওপৰত আটাইতকৈ কম অধ্যয়ন কৰা হৈছে, ই আমাক আচৰিত কৰি তুলিছে। আমি যি পাইছো সেয়া আচলতে এটা টাইম কেপচুল! পৃথিৱীত বহি থাকি ইয়াতকৈ বেছি পোৱাটো সম্ভৱ নাছিল।”
শেহতীয়া গৱেষণাই কেৱল মংগল গ্ৰহৰ ধাৰণাত সহায় কৰাই নহয়, ইয়াৰ পৰিবৰ্তনৰ কাৰণসমূহৰ ওপৰতো বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল মংগল গ্ৰহ বাসযোগ্য আছিল নে সেয়া হৈ উঠিব পাৰে?