• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 9:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত অবিৰত ছন্দত বৈছিল নদী। শুকান মাটি আৰ্দ্ৰতাৰে ভৰি পৰিছিল। সেই নদীপথ দীৰ্ঘতৰ হৈ পৰিছিল। আমাৰ গংগা নদীতকৈও বিশাল। অৱশ্যে সেইবোৰ প্ৰাচীন কালৰ কথা। এতিয়া চুবুৰীয়া মংগল গ্ৰহ শুকান। ইয়াৰ শিলৰ পৃষ্ঠভাগৰ বাবে ইয়াক ৰঙা গ্ৰহ বুলি কোৱা হয়।

এই গ্ৰহটো আচলতে বসবাসযোগ্য নেকি সেইটো নিৰ্ণয় কৰিবলৈ বহুদিন ধৰি গৱেষণা চলি আহিছে। আৰু সেই গৱেষণাৰ ফলস্বৰূপে শেহতীয়াকৈ বিজ্ঞানীসকলে মংগল গ্ৰহত নদীপথৰ অস্তিত্ব বিচাৰি পোৱা বুলি দাবী কৰিছে।

Apply Now

কোৱা হৈছে যে এই জলভাগৰ দৈৰ্ঘ্য আছিল ১৫ হাজাৰ কিলোমিটাৰ। মংগল গ্ৰহৰ মাটি ভবাতকৈও আৰ্দ্ৰ আছিল। পৃথিৱীতকৈও বেছি। বিজ্ঞানীসকলৰ এনে দাবীৰ পিছত চুবুৰীয়া গ্ৰহটোক লৈ নতুন ধাৰণাৰ জন্ম হৈছে।

ব্ৰিটেইনৰ মহাকাশ গৱেষণা সংস্থাৰ সহযোগত ওপেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে মংগল গ্ৰহৰ ওপৰত এক অধ্যয়ন চলাই আছে। দলটোৰ মুখ্য বিজ্ঞানী এডাম লুস্কটে কয় যে তেওঁলোকে হাই ৰিজ’লিউচন কেমেৰা ব্যৱহাৰ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে।

মূলতঃ তিনিটা যন্ত্ৰৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি এই গৱেষণা চলোৱা হৈছে। কনটেক্সট কেমেৰা, মাৰ্চ অৰ্বিটাৰ লেজাৰ এলটিমিটাৰ আৰু হাই ৰিজ’লিউচন ইমেজিং ছায়েঞ্চ এক্সপেৰিমেন্ট।

মংগল গ্ৰহৰ ‘নোয়াচিছ টেৰা’ অঞ্চলৰ অৱস্থান আৰু নদীপথৰ ৰূপ সংক্ৰান্ত তথ্য বিশ্লেষণ কৰি যিটো জনা গৈছে সেয়া বহুখিনি এনেকুৱা – এসময়ত ৰঙা গ্ৰহটোত বিস্তৃত নদীপথ আছিল। সেইবোৰৰ মাজত আন্তঃসংযোগ আছিল। সেই অঞ্চলবোৰ পানীৰে ভৰা আছিল। আৰু এই সকলোবোৰৰ পৰাই ইংগিত পোৱা যায় যে মংগল গ্ৰহ এসময়ত জীৱন ধাৰণৰ বাবে উপযোগী আছিল।

প্ৰায় এক কোটি বছৰৰ আগৰ সেই দিনবোৰ কেনেকুৱা আছিল? শেহতীয়া গৱেষণাৰ ফলাফল অনুসৰি এক বিশাল অঞ্চলৰ মাজেৰে কেইবা হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীপথ আছিল। মাটিৰ পৰা ইহঁতৰ উচ্চতা আছিল প্ৰায় ১০ মিটাৰ।

নদীপথৰ মাজত আন্তঃসংযোগে আৰু ইয়াৰ প্ৰবাহে কেৱল গ্ৰহটোৰ এটা পৰ্যায়কে চিনাক্ত নকৰে। ইয়াৰ ভূতাত্ত্বিক তাৎপৰ্য আছে। ৩৭০ কোটি বছৰ আগতে মংগল গ্ৰহত এইটোৱেই পানীৰ মূল উৎস আছিল। সেই সময়তো শীতল পানীৰে ইয়াৰ মাটি সিক্ত হোৱা নাছিল।

বিজ্ঞানী লুস্কটৰ ভাষাত “মংগল গ্ৰহৰ নোয়াচিছ টেৰা অঞ্চল, যিটোৰ ওপৰত আটাইতকৈ কম অধ্যয়ন কৰা হৈছে, ই আমাক আচৰিত কৰি তুলিছে। আমি যি পাইছো সেয়া আচলতে এটা টাইম কেপচুল! পৃথিৱীত বহি থাকি ইয়াতকৈ বেছি  পোৱাটো সম্ভৱ নাছিল।”

শেহতীয়া গৱেষণাই কেৱল মংগল গ্ৰহৰ ধাৰণাত সহায় কৰাই নহয়, ইয়াৰ পৰিবৰ্তনৰ কাৰণসমূহৰ ওপৰতো বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল মংগল গ্ৰহ বাসযোগ্য আছিল নে সেয়া হৈ উঠিব পাৰে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd