চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী

Personal data of 6 lakh Indians hacked and sold কমেও ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘বট মাৰ্কেট’ত বিক্ৰী কৰা হৈছে। এনে এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এই ‘তথ্য চুৰি’ৰ কাম যোৱা চাৰি বছৰ ধৰি চলি আছে।

‘বট মাৰ্কেট’ অৰ্থাৎ Bot Market । দৰাচলতে ইয়াত বট শব্দটো ৰবট শব্দটোকে চুটি কৰি বুজোৱা হৈছে। প্ৰকৃততে যিজনৰ অস্তিত্ব নাই, কিন্তু ভাৰ্চুৱেল পৃথিৱীত বা ডিজিটেলভাৱে সৃষ্টি হোৱা মানুহ সেয়াই হৈছে বট।

লগতে পঢ়ক: নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া

মূলতঃ, এই বট মাৰ্কেট হৈছে হেকাৰসকলৰ কামকাজৰ বজাৰ। নৰ্ড ভিপিএন নামৰ এক ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্কে ট্ৰেক কৰিছে যে ২০১৮ চনৰ পৰা যোৱা চাৰি বছৰত বট মাৰ্কেটত ৬ লাখ ভাৰতীয়ৰ তথ্য বিক্ৰী কৰা হৈছে।

নৰ্ড ভিপিএন-য়ে প্ৰাপ্ত কৰা তথ্য অনুসৰি, বট বজাৰত গ্ৰাহকৰ য়ুজাৰ লগইন, কুকিজ, ডিজিটেল ফিংগাৰপ্ৰিন্ট আৰু আনকি বিভিন্ন গ্ৰাহকৰ স্ক্ৰীণশ্বটৰ দৰে বস্তুও ‘চুৰি’ কৰা হৈছে।

গড় হিচাপত প্ৰতিজন ভাৰতীয়ৰ ডিজিটেল তথ্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৯০ টকা বা ছয় ডলাৰ মূল্যত ‘চুৰি’ কৰা হৈছে বা লেনদেন কৰা হৈছে।

মন কৰিব লগীয়া যে বট মাৰ্কেটত হাত সলনি হোৱাৰ পিছত বিভিন্ন লোকৰ পৰা প্ৰাপ্ত এই ডিজিটেল তথ্যসমূহেৰে প্ৰকৃততে বাস্তৱত অস্তিত্বহীন অগণন লোকৰ ‘সৃষ্টি’ কৰা হয়। এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ আগতে ‘বট’ গ্ৰাহকসকলৰ তথ্য বিচাৰি সৰৱ হৈছিল।

লগতে পঢ়ক: FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা

নৰ্ড ভিপিএন-য়ে তিনিটা মুখ্য বট মাৰ্কেট নিৰীক্ষণ কৰিছিল – জেনেচিছ, ৰাছিয়ান মাৰ্কেট আৰু টুইজি। নিশ্চিতভাৱে, এই প্ৰতিবেদনৰ তথ্যই চাইবাৰ নিৰাপত্তাৰ সন্দৰ্ভত এক নতুন আশংকাৰ সৃষ্টি কৰিছে।