পৃথিৱীৰ ভিতৰ ভাগ বা ইনাৰ কোৰ (Inner Core) যেন এক অপৰিসীম আশ্চৰ্যৰ ভঁৰাল। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলে এইদৰেই চিন্তা কৰি আহিছে। এইটো আটাইতকৈ উত্তপ্ত অংশ। লো আৰু নিকেলেৰে ভৰ্তি ভিতৰভাগটোও কিন্তু ঘূৰি আছে। চীনৰ পিকিং বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাই এই ঘূৰ্ণনৰ বিষয়ে আশ্চৰ্যজনক তথ্য দাঙি ধৰিছে।
তেওঁলোকৰ নতুন গৱেষণা অনুসৰি, পৃথিৱীৰ ভিতৰৰ গতি ক্ৰমান্বয়ে হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, ঘূৰ্ণনৰ দিশো সলনি হৈছে। পৃথিৱীখন ওলোটা দিশে ঘুৰিবলৈ আৰম্ভ কৰিছে!
লগতে পঢ়ক: কোকৰাঝাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ জিলা উপায়ুক্তৰ; চিকিৎলায়ত ভৰ্তি
আমাৰ গ্ৰহটোৰ কেন্দ্ৰৰ এই হঠাতে পৰিৱৰ্তন শীল ঘূৰ্ণনত পৃথিৱীৰ আন কি পৰিৱৰ্তন হ’ব পাৰে তাৰ ওপৰত এটা নতুন অধ্যয়ন আৰম্ভ হৈছে। আগতে, বিজ্ঞানীসকলে জনাইছিল যে ভিতৰৰ কেন্দ্ৰৰ ঘূৰ্ণন গতি পৃথিৱীৰ বাহিৰ ভাগৰ তুলনাত অধিক। কাৰণটো মাধ্যাকৰ্ষণ শক্তি আৰু পৃথিৱীৰ বিদ্যুত চুম্বকীয় ক্ষেত্ৰ আৰু ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছিল।
কিন্তু নতুন এই অধ্যয়নত বিজ্ঞানীসকলৰ পৰ্যৱেক্ষণে ইয়াৰ বিপৰীত কথাহে কৈছে। দেখা গৈছে যে ভিতৰৰ গতি ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইয়াৰ গতিপথো বিপৰীত দিশত আছে। আৰু আমি এনেদৰে যদি ঘূৰি যাওঁ তেতিয়া আমি ২০০৯ চনত গৈ উপনীত হ’ব পাৰোঁ!
পিকিং বিশ্ববিদ্যালয়ৰ দুজন বিজ্ঞানী য়ি য়াং আৰু জিয়াডং চঙে নেচাৰ জিঅ’চাইন্স আলোচনীত তেওঁলোকৰ গৱেষণাৰ বিষয়ে লিখিছে, “আমাৰ পৰ্যৱেক্ষণ অনুসৰি, এই মুহূৰ্তত পৃথিৱীৰ ভিতৰভাগ স্থবিৰ হৈ আছে। কিন্তু পিছলৈ ই হয়তো ওলোটা পিনে ঘূৰিব পাৰে।‘’
লগতে পঢ়ক: এমাহৰ ভিতৰতে ষষ্ঠবাৰ; পুনৰ বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত কেলিফৰ্ণিয়াত নিহত ৩ জন, আহত ৪জন
দৰাচলতে, এই ভিতৰৰ কেন্দ্ৰটোৰ গতি সঠিকভাৱে জনা নাযায়। ১৯৬০-৭০ চনৰ পৰা বিভিন্ন তথ্য আৰু পৰিসংখ্যা সংগ্ৰহ কৰা দুজন বিজ্ঞানী য়াং আৰু চঙে কৈছে যে যদিও এই অংশটোৰ ঘূৰ্ণন গতি একে যেন লাগিছে, সেয়া কিন্তু নহয়। এই গতি অতি কম হাৰত সলনি হয়। কমেও ২০২০ চনৰ আগলৈকে সেইটোৱেই আছিল। তাৰো আগতে কেনে ধৰণৰ গতিবিধি আছিল সেয়া জনা নাযায়।
ইয়াতেই তেওঁলোকৰ সন্দেহ, কেতিয়াবা পৃথিৱীৰ ভিতৰভাগ বিপৰীত দিশত ঘূৰিব। তথ্য অনুসৰি, প্ৰতি সাত দশকৰ পিছত ভিতৰৰ ঘূৰ্ণনৰ দিশ সলনি হয়। সেই গণনা অনুসৰি, এই সময়ত হয়তো ইনাৰ কোৰ পুনৰ বিপৰীত দিশত ঘূৰিছে।
কোনোৱে এই বিষয়ে চিন্তিত হ’ব পাৰে যে এইবাৰ তেতিয়াহ’লে কি হ’ব? শেষ দিনটো আহি গ’ল নেকি? সেইবাবেই পৃথিৱীৰ ইনাৰ কোৰৰ এই বিপৰীত গতি?
লগতে পঢ়ক: মুম্বাইত টাটাৰ শিক্ষা প্ৰতিষ্ঠানত বিবিচিৰ মোডী তথ্যচিত্ৰ প্ৰদৰ্শন! ক্ষুব্ধ বিজেপি
কিন্তু নহয়, বিজ্ঞানীসকলে আন কথাহে কৈছে। তেওঁলোকৰ আশ্বাস হৈছে যে এই মুহূৰ্তত পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ গতি আৰু বাহ্যিক গতি প্ৰায় সমান। সেয়েহে আমি বিপৰীত ঘূৰ্ণন অনুভৱেই কৰিব নোৱাৰো। গতিকেই চিন্তা কৰাৰ কোনো কাৰণ নাই।