দেশৰ ক’ভিড-১৯ মহামাৰি নিয়ন্ত্ৰণ কৰিবলৈ নীতিন গাডকাৰীক দায়িত্ব দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰামৰ্শ আগবঢ়ালে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে।
বুধবাৰে তেওঁ এটা টুইটযোগে ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা কৰে আৰু এই সম্পৰ্কে সাৱধান কৰি দিয়ে।
তেওঁ কয় যে ক’ভিডৰ বিৰোধী যুঁজখনৰ নেতৃত্ব চৰকাৰে গাডকাৰীৰ হাতত প্ৰদান কৰিব লাগে।
India will survive Coronavirus Pandemic as it did Islamic invaders and British Imperialists. We could face one more wave that targets children unless strict precautions now are taken. Modi should therefore delegate the conduct of this war to Gadkari. Relying on PMO is useless
— Subramanian Swamy (@Swamy39) May 5, 2021
তদুপৰি তেওঁ কয় যে প্রধানমন্ত্ৰীৰ ওপৰতে সকলো নিৰ্ভৰ হৈ থাকি লাভ নাই।
টুইটটোত তেওঁ ক’ভিড মহামাৰিক ইছলামিক আক্ৰমণকাৰী আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ স’তে তুলনা কৰি কয় যে ভাৰতে সকলো নেওচি বাচি থাকিব।