হঠাৎ দিখৌ নদীৰ পানীয়ে সলাইছে ৰং; প্ৰথমে নীলা তাৰ পিছত সেউজীয়া হৈ পৰিছে দিখৌৰ পানী

হঠাতে ৰং সলাইছে দিখৌ নদীৰ পানীয়ে। প্ৰথমে নীলা তাৰ পিছত সেউজীয়া হৈ পৰিছে দিখৌ নদীৰ পানী। এই দৃশ্য দেখি ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ।

বিহুৰ উৰুকাৰ দিনা এই দিখৌ নদীত হাজাৰ হাজাৰ মাছ মৰি উপঙি উঠিছিল। তাৰ পিছতেই দিখৌ নদীৰ পানীয়ে ৰং সলাইছে। প্ৰথমে নীলা হৈ তাৰ পিছত সেউজীয়া হৈ পৰে নদীৰ পানী।

উল্লেখ্য যে নাগালেণ্ডৰ নগা পাহাৰৰ পৰা অসমলৈ বৈ আহিছে ইতিহাস প্ৰসিদ্ধ দিখৌ নদী। শিৱসাগৰৰ সৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিছে এই দিখৌ নৈ।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ৰাছিয়াৰ বাহিনীয়ে মাৰিঅ’পোলৰ পৰা বলপূৰ্বক ধৰি নিলে ১৫০টি শিশু

অতি গভীৰ আৰু তীব্ৰ সোঁত থকা দিখৌ নদীৰ পানীৰ ৰং সলনি হোৱাত শিৱসাগৰৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো শিৱসাগৰৰ বহু অঞ্চলৰ ৰাইজে এই দিখৌ নদীৰ পানী খোৱাৰ লগতে মাছ ধৰি জীৱন নিৰ্বাহ কৰি আছে।

সেইদৰে, শিৱসাগৰ পৌৰসভাই নগৰত যোগান ধৰা খোৱাপানীও এই দিখৌ নদীৰ পৰাই সংগ্ৰহ কৰি যোগান ধৰে।

নাগালেণ্ডৰ মুক্ত কয়লা খনিত বিষাক্ত পদাৰ্থ এৰি দিয়াৰ বাবে দিখৌ নদীৰ পানীয়ে এই দৰে ৰং সলাইছে বুলি সন্দেহ কৰা হৈছে।

লগতে পঢ়ক: ‘চৰকাৰী গাফিলতি’ৰ বাবে দেশত ৪০লাখ লোকৰ কোভিডত মৃত্যু; দাবী ৰাহুল গান্ধীৰ

এই ক্ষেত্ৰত বিভিন্ন দল-সংগঠনে শিৱসাগৰ জিলা প্ৰশাসনক ঘটনাৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।