• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অৱশেষত হিমাচলৰ নৱ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কংগ্ৰেছৰ: মুখ্যমন্ত্ৰীৰ আসনত বহিব সুখবিন্দৰ সিং চুখু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2022 9:28 pm
Himachal Chief Minister
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনীতিত ক্ৰমাৎ শক্তিহীন হৈ পৰাৰ সময়তে হিমাচল প্ৰদেশত ক্ষমতা পুনৰুদ্ধাৰেৰে হৃত শক্তি কিঞ্চিত হ’লেও উদ্ধাৰ কৰা কংগ্ৰেছে অৱশেষত ৰাজ্যখনৰ নৱ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছে। বিধানসভা নিৰ্বাচনত দলৰ প্ৰচাৰ সমিতিৰ নেতৃত্ব বহন কৰি জয়ৰ লক্ষ্যত উপনীত হোৱাত অন্যতম ভূমিকা গ্ৰহণ কৰা জেষ্ঠ নেতা সুখবিন্দৰ সিং চুখুক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে কংগ্ৰেছে।

হামিৰপুৰ জিলাৰ নদাউন সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৫৮ বৰ্ষীয় সুখুৱে কাইলৈ পুৱা ১১ বজাত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আনহাতে প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী জেষ্ঠ নেতা তথা পাঁচবাৰৰ বিধায়ক মুকেশ অগ্নিহোত্ৰীক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে দলটোৱে।

মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে সাংবাদিকৰ আগত সুখুৱে কয় যে, “মই ১৭ বছৰ বয়সৰ পৰাই মোৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিলো। কংগ্ৰেছ দলে মোৰ বাবে কি কৰিছে সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম।”

হিমাচল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি চুখুক দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু বিগত বৰ্ষৰ জুলাই মাহত মৃত্যু হোৱা ৰাজ্যখনৰ ছবাৰৰ মুখ্যমন্ত্ৰী তথা হিমাচল কংগ্ৰেছৰ অবিসম্বাদী নেতা বীৰভদ্ৰ সিং পৰিয়ালৰ সৈতে সু-সম্পৰ্ক নাছিল সুখুৰ।

অৱশ্যে ইয়াৰ পাছতো তেওঁক কংগ্ৰেছ হাইকমাণ্ডে প্ৰচাৰ সমিতিৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰে। দলৰ এক সূত্ৰ অনুসৰি, বীৰভদ্ৰ সিঙৰ পত্নী তথা বৰ্তমানৰ হিমাচল কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিঙে সুখুক নিৰ্বাচনত টিকট দিয়াৰ ক্ষেত্ৰত তীব্ৰ আপত্তি জনাইছিল।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে সুখুৰ লগতে ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী প্ৰতিভা সিং আৰু মুকেশ অগ্নিহোত্ৰীৰ নাম চৰ্চাত আছিল। অৱশ্যে দলৰ নৱনিৰ্বাচিত ৪০ গৰাকী বিধায়কৰ মাজত প্ৰতিভা জনসমৰ্থন কম হোৱাৰ বাবে তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা বাদ দিয়া হৈছে বুলি আজি সন্ধিয়া দলৰ সূত্ৰই প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd