NORTHEAST NOW (Assamese)

বান পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ’ল বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

July 16, 2019 12:59 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যত অব্যাহত থকা ভয়ংকৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন পিছুৱাই দিয়া হৈছে। বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক সংবাদমেলযোগে আজি এই কথা জানিবলৈ দিয়ে।

সেই অনুসৰি পূ্ৰ্বে ঘোষণা কৰা ১৮ জুলাইৰ পৰিৱৰ্তে অহা ২৬ জুলাইৰ পৰাহে চলিব অধিৱেশন।

গোস্বামীয়ে জনোৱা মতে বান আক্ৰান্ত ৰাইজৰ কাষত থকাৰ উদ্দেশ্যে বিধায়কসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন পিছুৱাই দিবলৈ অনুৰোধ জনাইছিল।

বিধায়কসকলৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি অধিৱেশনৰ কাৰ্যসূচী পিছুৱাই দিয়া হ’ল বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ সকলোকে বানাক্ৰান্তক সহায়, সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Related News