শৈশৱৰ হেৰাই যোৱা অৱকাশ
গৰম বন্ধ। এই শব্দ দুটাই এসময়ত মনলৈ কঢ়িয়াই আনিছিল মুকলি আকাশৰ তলত উৰি ফুৰা চৰাইৰ দৰে এক অনুভূতি—মামা-পেহীৰ ঘৰলৈ যোৱা, গছৰ তলত ফল বিচৰা, সময় কেনেকৈ পাৰ হয় নজনাকৈ খেল-ধেমালিত মগ্ন হৈ থকা এক শৈশৱ। প্ৰায় এমাহজোৰা এই ছুটীখিনি আছিল প্ৰকৃত অৰ্থতে বন্ধ। পঢ়া-শুনাৰ চাপৰ পৰা, দৈনন্দিন নিয়মৰ পৰা এক সঁচা মুক্তি। কিন্তু আজিৰ গৰম বন্ধই একেটা নাম বহন কৰি থাকিলেও, ইয়াৰ ভিতৰুৱা ৰূপটো বহুখিনি সলনি হৈ গৈছে। বন্ধ ঘোষণা হোৱাৰ লগে লগে আৰম্ভ হয় বিভিন্ন কৰ্মশালাৰ ভীৰ—সংগীত কৰ্মশালা, নৃত্য কৰ্মশালা, চিত্ৰাংকন কৰ্মশালা, ব্যক্তিত্ব বিকাশ কৰ্মশালা, গ্ৰীষ্মকালীন শিবিৰ আদি। এই তালিকাৰ শেষ নাই। কেতিয়াবা এজন শিশুক একেলগে দুই-তিনিটা কাৰ্যক্ৰমতে ভৰ্তি কৰি দিয়া হয়, যাতে তেওঁৰ সময়খিনি অপ্ৰয়োজনীয় কামত নাযায় বা তেওঁ আন শিশুতকৈ পিছপৰি নাথাকে।
এই কৰ্মশালাসমূহ আয়োজন কৰাৰ পাছত থকা উদ্দেশ্য বহু ক্ষেত্ৰত সঁচাকৈয়ে ভাল—শিশুৰ সৃষ্টিশীলতা বঢ়োৱা, তেওঁলোকক মবাইল-ইণ্টাৰনেটৰ পৰা আঁতৰাই ৰখা, বা সমাজত এক সুস্থ পৰিৱেশ গঢ়ি তোলা। বহু প্ৰতিষ্ঠানে বছৰৰ পিছত বছৰ এই কামত সততে লাগি থাকে, আৰু তাৰ ফল ইতিবাচকেই হয়। কিন্তু প্ৰশ্নটো তাত নহয়—প্ৰশ্নটো হ‘ল, এই ভাল উদ্দেশ্যৰ পাছত কেতিয়াবা শিশুৰ ওপৰত যি অতিৰিক্ত চাপ পৰে, আমি সেয়া কিমান লক্ষ্য কৰোঁ?
গোটেই বছৰজোৰা স্কুলৰ পঢ়া-শুনা, পৰীক্ষা আৰু গৃহকৰ্মৰ চাপৰ পিছত অহা এই এমাহতো শিশুটিয়ে নিজৰ ইচ্ছামতে সময় কটাবলৈ সুযোগ নাপায়। ৰাতিপুৱাৰে পৰা সন্ধিয়ালৈ এটা কৰ্মশালাৰ পৰা আনটোলৈ, তাৰ পিছত ঘৰত থকা কামখিনি সম্পূৰ্ণ কৰাৰ দায়িত্ব—এই সকলোবোৰৰ মাজত হেৰাই যায় সেই মুকলি চিন্তামুক্ত শৈশৱ, যি আগৰ প্ৰজন্মই উপভোগ কৰি আহিছিল। মনোবিজ্ঞানীসকলেও কৈছে যে পঢ়া-শুনাৰ অত্যধিক চাপ, কঠোৰ নিয়ম-নীতি আৰু অভিভাৱকৰ অতিৰিক্ত প্ৰত্যাশাই শিশু আৰু কিশোৰ-কিশোৰীৰ মনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। এজন “ভাল ছাত্ৰ” গঢ়ি তোলাৰ চেষ্টাৰ মাজত আমি অজানিতেই শিশুৰ কল্পনাশক্তি, স্বাভাৱিক কৌতূহল আৰু জিৰণিৰ অধিকাৰক আওকাণ কৰি থকা নাইতো, সেয়া ভাবিবলগীয়া কথা।
ইয়াৰ পাছফালে এটা সামাজিক কাৰণো আছে। বহু অভিভাৱক নিজেই কৰ্মজীৱী, আৰু গৰম বন্ধৰ সময়ছোৱাত সন্তানক ব্যস্ত ৰখাৰ বাবে কৰ্মশালা এটা সহজ উপায় হৈ পৰে। ইয়াৰ উপৰি, প্ৰতিৱেশী বা সমবয়সীয়াৰ সন্তানে কি শিকি আছে, সেয়াও এক অজানিত প্ৰতিযোগিতাৰ জন্ম দিয়ে—নিজৰ সন্তানেও কিবা এটা শিকিব লাগে, নহ‘লে পিছপৰি থাকিব, এনে এটা ভয় সৃষ্টি হয়। আজিকালিৰ শিক্ষা ব্যৱস্থাৰ এই নিষ্ঠুৰ বাস্তৱক আমি স্বীকাৰ কৰিবই লাগিব…। প্ৰতিজন শিশুৰেই জিৰণি লোৱাৰ, নিজৰ মনৰ খেয়ালেৰে সময় কটোৱাৰ, আৰু কোনো কাম নকৰাকৈ থকাৰো সমান অধিকাৰ আছে। শিশুৰ শিক্ষা সদায়েই শ্ৰেণীকোঠা বা কৰ্মশালাৰ ভিতৰতে নাথাকে। শিক্ষাৰ্থীজন যেতিয়াই অৱসৰৰ নিৰিবিলি সময়ত অকলে থাকে, তেতিয়াই এই মানসিক অৱসাদে দেখা দিয়ে। ইয়াৰ সমাধান কৰ্মশালাক সম্পূৰ্ণকৈ বৰ্জন কৰাত নহয়। প্ৰয়োজন হৈছে এক ভাৰসাম্যপূৰ্ণ দৃষ্টিভংগীৰ। সন্তানৰ আগ্ৰহ আৰু ক্ষমতা বুজি এটা বা দুটা কাৰ্যক্ৰমতহে ভৰ্তি কৰা উচিত, আৰু বাকী সময়খিনি তেওঁলোকৰ নিজৰ বাবে এৰি দিয়া দৰকাৰ—পঢ়িবলৈ, খেলিবলৈ, পৰিয়ালৰ সৈতে সময় কটাবলৈ, বা কেৱল নিজৰ মনে মনে সময় পাৰ কৰিবলৈ। ঠিক এনে খালী সময়খিনিতেই শিশুৰ মনৰ ভিতৰত সৃষ্টিশীলতাৰ বীজ গজি উঠে। বিদ্যালয় আৰু অভিভাৱক উভয়ে যদি এই বিষয়ত সচেতন হয়, তেন্তে গৰম বন্ধ শিশুৰ বাবে চাপৰ কাৰণ নহৈ, আনন্দ আৰু নিজকে জনাৰ এক প্ৰকৃত সময় হৈ উঠিব পাৰে।
গৰম বন্ধ যাতে আকৌ প্ৰকৃত অৰ্থত “বন্ধ” হৈ উঠে—এক নিয়ন্ত্ৰিত জীৱনৰ পৰা প্ৰকৃত মুক্তি, আন এক শৃংখলাবদ্ধ ৰুটিনৰ আৰম্ভণি নহয়—এইটোৱেই আজিৰ অভিভাৱক, শিক্ষক আৰু সমাজৰ প্ৰতি সময়ৰ প্ৰকৃত দাবী।
দীপশিখা বৰা শইকীয়া
সহকাৰী শিক্ষক (শোণিতপুৰ জাতীয় বিদ্যালয়) গৱেষক, শংকৰদেৱ অধ্যয়ন বিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়