NORTHEAST NOW (Assamese)

নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ তথ্য দিয়া হোৱা নাই! SBIক জাননী ক্ষুব্ধ উচ্চতম ন্যায়ালয়ৰ

March 15, 2024 12:34 pm · এন ই নাও নিউজ, গুৱাহাটী

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে মঙলবাৰে ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ডৰ তথ্য ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক দাখিল কৰে। শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰাৰ কথা আছিল যদিও বৃহস্পতিবাৰে নিশাই নিৰ্বাচন আয়োগে এই বণ্ডৰ তথ্য প্ৰকাশ কৰে। কিন্তু এই তথ্য অসম্পূৰ্ণ বুলি পৰ্যবেক্ষণ কৰিছে উচ্চতম ন্যায়ালয়ে।

এনে পৰিস্থিতিত শুকুৰবাৰে পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে এছ বি আই। উচ্চতম ন্যায়ালয়ে আজি পুনৰ এছ বি আই কৰ্তৃপক্ষক এই গোচৰৰ শুনানিৰ সময়ত ‘ধমক’ দিয়ে।

বেংক কৰ্তৃপক্ষৰ হৈ আদালতলৈ কোন আহিছে জানিব বিচাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। ইয়াৰ পিছত তেওঁ কয় যে যোৱা ৫ বছৰৰ সকলো অনুদানৰ তথ্য এছ বি আইৰ ওচৰত জমা দিব লাগে।

লগতে পঢ়কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতাৰ বিৰুদ্ধে নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগ!

একে সময়তে ষ্টেট বেংকে বণ্ডৰ সৈতে জড়িত ‘ইউনিক নম্বৰ’ৰ কথাও প্ৰকাশ কৰা নাই বুলি আদালতে জানিবলৈ দিয়ে। আদালতেও সেই তথ্য জানিব বিচাৰে।

এনে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে বেংকটোৰ বিৰুদ্ধে জাননী জাৰি কৰিছে। ১৮ মাৰ্চৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দিবলৈ তেওঁলোকক কোৱা হৈছে।

এছ বি আইৰ পৰা এই তথ্য লাভ কৰাৰ পিছত ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ড সম্পৰ্কে প্ৰকাশ কৰা প্ৰতিবেদনত দেশৰ যিকোনো সংগঠনে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দললৈ কিমান টকা বৰঙণি আগবঢ়াইছে তাৰ তালিকা আছে। কিন্তু কোনটো সংগঠনে কোনটো দলত অৰিহণা যোগাইছে তাৰ কোনো সুকীয়া উল্লেখ নাই।

লগতে পঢ়কঃফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেজ: সৰ্বাধিক নিৰ্বাচনী বণ্ড ক্ৰয় কৰা কোম্পানীটোৰ ইতিহাস জানেনে?

উচ্চতম ন্যায়ালয়ে যি ‘ইউনিক নম্বৰ’ৰ কথা কৈছে, সেইটোৱে দাতা আৰু ৰাজনৈতিক দলসমূহক সংযোগ স্থাপনৰ ক্ষেত্ৰত ভূমিকা ল’ব পাৰে। সেয়ে এইটো বৰ জৰুৰী। এই তথ্য আদালতত দাখিল কৰা নাই এছ বি আইয়ে।

Related News