দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমান্বয়ে বৃদ্ধি পোৱা এচিড আক্ৰমণৰ ঘটনাক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। ক’ত কিমান গোচৰ ৰুজু হৈছে, আদালতত সেই গোচৰসমূহ কোন পৰ্যায়ত আছে আৰু এই ক্ষেত্ৰত বৰ্তমানলৈকে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে এই সকলোবোৰ তথ্য দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশ দিছে।
মঙলবাৰে শীৰ্ষ আদালতে জনোৱা অনুসৰি, আগন্তুক চাৰি সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত এক সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিব লাগিব। উল্লেখ্য যে দেশৰ বিভিন্ন স্থানত বহু লোক এচিড আক্ৰমণৰ চিকাৰ হৈ আহিছে। ক’ৰবাত যদি আৰক্ষীয়ে সঠিক পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে, আন ক’ৰবাত আকৌ আদালতৰ দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ বাবে ভুক্তভোগীয়ে ন্যায় লাভত পলম হোৱা পৰিলক্ষিত হৈছে। এই সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিয়েই আদালতে এই তথ্য তলব কৰিছে।
উল্লেখ্য যে এচিড আক্ৰমণৰ বলি হোৱা শাহিন মালিক নামৰ এগৰাকী মহিলাই দাখিল কৰা এক জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশনা জাৰি কৰে। শাহিন মালিকৰ অভিযোগ অনুসৰি, তেওঁক জোৰকৈ এচিড খুওৱা হৈছিল, যাৰ ফলত তেওঁৰ শৰীৰৰ আভ্যন্তৰীণ অংগসমূহ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। তেওঁ আদালতৰ ওচৰত আবেদন জনাইছিল যে শাৰীৰিকভাৱে কিমান শতাংশ অক্ষম হ’লে এজন ব্যক্তিক ‘প্ৰতিবন্ধী’ বুলি গণ্য কৰা হ’ব, সেইয়া স্পষ্ট হ’ব লাগে। ইয়াৰ উপৰিও আক্ৰান্তসকলৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰ্ণ, উন্নত চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবেও তেওঁ দাবী জনায়।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ আৰ মহাদেৱন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে- নিম্ন আদালতত এই ধৰণৰ কিমান গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে, কিমান গোচৰ নিষ্পত্তি হৈছে আৰু কিমান গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে, এচিড আক্ৰান্তসকলৰ চমু পৰিচয়, তেওঁলোকৰ শিক্ষাগত অৰ্হতা, কৰ্মসংস্থাপনৰ স্থিতি আৰু বৈবাহিক অৱস্থাৰ বিতং তথ্য আৰু আক্ৰান্তসকলৰ চিকিৎসাৰ খৰচ আৰু তেওঁলোকৰ বাবে চৰকাৰে কি কি পুনৰ্সংস্থাপন আঁচনি গ্ৰহণ কৰিছে, সেইয়াও স্পষ্টকৈ জনাব লাগিব। তদুপৰি আদালতে জোৰকৈ এচিড খুওৱাৰ দৰে অমানুষিক কাণ্ডৰ চিকাৰ হোৱা লোকৰ সংখ্যা কিমান, সেই বিশেষ তথ্যও ৰাজ্যসমূহক দাখিল কৰিবলৈ নিৰ্দেশ দিছে।





