বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ বিষয়ত উচ্চতম ন্যায়ালয়ত ৰিয়া চক্ৰৱৰ্তীয়ে দাখিল কৰা আবেদনৰ শুনানি শনিবাৰে মঞ্জুৰ কৰিছে আদালতখনে।
ৰিয়াই সুশান্তৰ মৃত্যুৰ গোচৰৰ তদন্ত পাটনা আৰক্ষীৰ পৰা মুম্বাই আৰক্ষীক হস্তান্তৰ কৰাৰ বাবে আবেদন জনাইছে ৰিয়া চক্ৰৱৰ্তীয়ে।
বাতৰি অনুসৰি, উচ্চতম ন্যায়ালয়ে অহা ১১আগষ্ট, মঙলবাৰে ৰিয়াৰ আবেদনৰ শুনানিৰ দিন ধৰ্য কৰিছে।
ইয়াৰ পূৰ্বে যোৱা বুধবাৰে ন্যায়াধীশ হৃষিকেশ ৰয়ৰ বিচাৰপীঠত এই আবেদনৰ প্ৰথম পৰ্যায়ৰ শুনানি হৈ যায়।
উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বিহাৰ চৰকাৰৰ আবেদনৰ ভিত্তিত চিবিআইক অৰ্পণ কৰা হৈছে।
সৰ্বোচ্চ আদালতখনে এই গোচৰৰ সৈতে জড়িত সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকৰ বক্তব্য জনাবলৈ তিনিদিনৰ সময় দিছিল।
বিহাৰ আৰক্ষীয়ে ইতিমধ্যে আদালতত তেওঁলোকৰ প্ৰতিবেদন জমা দিছে। মুম্বাই আৰক্ষীয়েও তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰাৰ আজি অন্তিম দিন।
ইপিনে, শুকুৰবাৰে সুশান্তৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত আৰ্থিক লেনদেনৰ বিষয়ক লৈ ইডিয়ে ৰিয়া চক্ৰৱৰ্তীক প্ৰায় ৯ঘন্টা জেৰা কৰে।
চিবিআইয়ে ইতিমধ্যে এই গোচৰৰ দায়িত্ব হাতত লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও মহাৰাষ্ট্ৰ চৰকাৰে চিবিআইৰ তদন্তক লৈ এতিয়াও সন্তুষ্ট নহয়।
অহা ১১আগষ্টত উচ্চতম ন্যায়ালয়ত শুনানিৰ পাছত গোচৰটো সম্পৰ্কত আৰু কিছু কথা স্পষ্ট হৈ পৰিব।