বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ বিতৰ্কিত অংশ খোলাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে!

মঙলবাৰে উচ্চতম ন্যায়ালয়ে কাশী বিশ্বনাথ মন্দিৰৰ কাষতে থকা জ্ঞানবাপী মছজিদৰ “অজুখানা” পৰিষ্কাৰ কৰাৰ অনুমতি দিয়ে, য’ত এটা আন্তঃগাঁথনি হিন্দু পক্ষই “শিৱলিংগ” আৰু মুছলমান পক্ষই “ফোৱাৰা” বুলি দাবী কৰে।

“অজুখানা” হৈছে ইছলামৰ অনুগামীসকলে নামাজৰ পূৰ্বে অজু কৰা জলাধাৰ। উল্লেখ্য যে ২০২২ চনত তাত ‘শিৱলিংগ’ আছে বুলি দাবী উত্থাপিত হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ‘অজুখানা’ অঞ্চলটো ছীল কৰি দিয়া হৈছিল।

বাতৰি অনুসৰি, ২০২২ চনৰ মে’ মাহত আয়োগৰ সমীক্ষাৰ সময়ত শিৱলিংগ পোৱা বুলি দাবী কৰা বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ অজুখানা (পানীৰ টেংকি) চাফা কৰাৰ বাবে মঙলবাৰে (১৬ জানুৱাৰী) উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান কৰে।

লগতে পঢ়কঃ গুৰুদ্বাৰৰ ‘পৱিত্ৰতা’ নষ্ট কৰাৰ অভিযোগত পঞ্জাৱত হত্যা যুৱকক! অভিযুক্ত নিহাং শিখ

লাইভ ল’ৰ বাতৰি অনুসৰি, হিন্দুপক্ষই দাখিল কৰা আবেদনৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে এই অনুমতি প্ৰদান কৰে।

উক্ত পক্ষটোৱে মছজিদ চৌহদত দেৱতাৰ পূজাৰ অধিকাৰ বিচাৰে। কিন্তু মছজিদ পৰিচালনা সমিতিয়ে টেংক চাফা কৰাৰ আবেদনৰ বিৰোধিতা কৰা নাই।

হিন্দু পক্ষৰ আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। সেই আবেদনখনত কোৱা হৈছে যে ২০২৩ চনৰ ১২ৰ পৰা ২৫ ডিচেম্বৰৰ ভিতৰত পানীৰ টেংকিত এটা মাছৰ মৃত্যু হৈছিল। সেয়ে, সেইটো চাফা কৰিব লাগে। অৱশ্যে মছজিদ কমিটীয়ে তাত বাধা দিয়া নাই।

লগতে পঢ়কঃ অষ্ট্ৰেলিয়ান অ’পেনত বিশ্বৰ ২৭ নম্বৰক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতৰ সুমিত নাগালে

ইপিনে, মছজিদ চৌহদত শিৱলিংগ আছে বুলি কৰা দাবী ধৰ্মীয় স্পৰ্শকাতৰ। ফলত অজুখানা পৰিস্কাৰৰ দাবী স্থগিত ৰখা হৈছিল।

জ্যেষ্ঠ অধিবক্তা মাধৱী দিভান বাদী পক্ষৰ হৈ আদালতত উপস্থিত আছিল। আনহাতে, মছজিদ সমিতিৰ হৈ উপস্থিত আছিল জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদী।

২০২২ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে ‘অজুখানা’ত ‘শিৱলিংগ’ পোৱা বুলি দাবী কৰাৰ পিছত সেইটো ছীল কৰাৰ নিৰ্দেশ দিছিল। কিন্তু আদালতে স্পষ্ট কৰি দিয়ে যে এই নিৰ্দেশে মুছলমান ভক্তসকলৰ ধৰ্ম পালনৰ অধিকাৰত বাধাৰ সৃষ্টি নকৰে।

লগতে পঢ়কঃ WHOৰ মতে কৰোনাতকৈও অধিক ভয়ংকৰ! ২০ গুণ বেছি মানুহ মাৰিব X ভাইৰাছে

যোৱা বছৰ উচ্চতম ন্যায়ালয়ে মছজিদ চৌহদৰ ASI জৰীপৰ অনুমতি দিছিল, য’ত বাদীসকলে মছজিদটো পূৰ্বৰ মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেকি সেয়া নিশ্চিত কৰিব বিচাৰিছিল।