ৰঞ্জন গগৈৰ বিৰুদ্ধে চলা চক্ৰান্তৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে নিয়োগ কৰিলে প্ৰাক্তন ন্যায়াধীশক

rajan

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়কক নিয়োগ কৰে।

এটা শক্তিশালী লবী, উচ্চতম ন্যায়ালয়ৰ কিছু সংখ্যক কৰ্মচাৰী আৰু ক্ষমতাবান কৰ্পোৰেট গোষ্ঠীয়ে মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি সেয়া বিচাৰ কৰাৰ বাবে ন্যায়াধীশ পাটনায়কক নিয়োগ কৰা হয়।

মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মচাৰী, শক্তিশালী কৰ্পোৰেট গোষ্ঠীৰ এটা সন্মিলিত গোটে মিছা গোচৰৰ অভিযোগ তোলা বুলি বিচাৰক উৎসৱ সিং বাইনচে যোগান ধৰা তথ্যপাতি আৰু হলফনামাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাথমিক তদন্ত চলোৱা হ’ব।

ইয়াৰ পূৰ্বে, বিচাৰক বেইনচে এপ্ৰিলৰ প্ৰথম ভাগত অজয় নামৰ এজন লোকে তেওঁক ১.৫ কোটি টকাৰ প্ৰলোভনেৰে  মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মিছা গোচৰ তৰাৰ বাবে সাক্ষাৎ কৰিছিল বুলি উল্লেখ কৰিছিল। ন্যায়াধীশ পাটনায়কে বেইনচৰ কথাৰ সত্যতাৰ ওপৰতো বিচাৰ কৰিব। বেইনচৰ মতে অজয় নামৰ লোকজন মুখ্য ন্যায়াধীশৰ বিপক্ষে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা কৰ্মচাৰীগৰাকীৰ সম্পৰ্কীয়।

উল্লেখযোগ্য যে, ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বাধীন বিশেষ আদালতে চি বি আই, আই বি আৰু দিল্লী আৰক্ষীৰ প্ৰধানক ন্যায়াধীশ পাটনায়কক সহযোগ কৰাৰ লগতে আদালতৰ সন্মুখত তেওঁলোকৰ অনুসন্ধানৰ ৰিপোৰ্ট বন্ধ খামৰ ভিতৰত আগবঢ়োৱাৰ নিৰ্দেশ দিছিল।

আনহাতে, ২৬ অক্টোবৰ, ২০১৮ চনত ৰঞ্জন গগৈ নেতৃত্বাধীন আদালতে চি বি আইৰ সঞ্চালক আলোক বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে গঠন কৰি দিয়া ১৪ দিনীয়া চি ভি চি তদন্ত সমিতিত ন্যায়াধীশ পাটনায়কক নিয়োগ কৰাৰ সময়ত পাটনায়ক বাতৰিৰ শিৰোনামালৈ আহিছিল।