• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক যুঁজ হওক নিৰ্বাচনত, ইডিক কিয় ব্যৱহাৰ কৰা হৈছে? তুলাধুনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 22, 2025 8:51 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ পত্নী বি এম পাৰ্বতীক চমন কৰাৰ নিৰ্দেশ খাৰিজ কৰিছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ে। সেই ৰায়ৰ বিৰুদ্ধে বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ আবেদন খাৰিজ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

সোমবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত খণ্ড বিচাৰপীঠে কয় যে এনে ৰাজনৈতিক যুঁজ আদালতত নহয় নিৰ্বাচনত হ’ব লাগে। আদালতে লগতে প্ৰশ্ন কৰে – “এনে ৰাজনৈতিক যুঁজত ইডিক কিয় ব্যৱহাৰ কৰা হৈছে?”

Apply Now

ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে কঠোৰ ভাষাত কয় যে, “মহাৰাষ্ট্ৰত মোৰ কিছু অভিজ্ঞতা আছে। আমাক একো ক’বলৈ বাধ্য নকৰিব। নহ’লে আমি ইডি সন্দৰ্ভত অতি কঠোৰ মন্তব্য দিব লাগিব। ৰাজনৈতিক যুঁজ ভোটাৰৰ জৰিয়তে হয়, আপোনালোকক ব্যৱহাৰ কৰা হৈছে কিয়?”

যুক্তিৰ সময়ত ইডিৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয়, “ঠিক আছে, আমি আবেদনখন প্ৰত্যাহাৰ কৰিম। অৱশ্যে আমি অনুৰোধ কৰিছো যে এইটোক যাতে দৃষ্টান্ত হিচাপে গণ্য কৰা নহয়।”

কিন্তু সেই যুক্তি নিটিকল। বিচাৰপীঠে কয় যে একক বিচাৰপীঠৰ ন্যায়াধীশৰ যুক্তিত কোনো ভুল বিচাৰি পোৱা নাই। আদালতে পৰ্যবেক্ষণ কৰে—“বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আবেদনখন খাৰিজ কৰা হৈছে। ধন্যবাদ এছ ভি ৰাজু। আপুনি আমাক কিছু কঠিন কথা ক’বলগীয়া হোৱাৰ পৰা সকাহ দিলে।”

দৰাচলতে গোচৰটো কি আছিল? এই গোচৰত মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষ (মুডা)ৰ জৰিয়তে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ পত্নী বি এম পাৰ্বতীৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি ২০০৪ চনত পাৰ্বতীৰ ভাতৃয়ে মাটি কিনি ভগ্নীক ‘উপহাৰ’ দিছিল। সেই মাটিখিনি ব্যক্তিগত মালিকানাধীন হ’লেও মুডাই ডেভেলপ কৰি দিছিল।

তেতিয়া পাৰ্বতীয়ে সেই মাটিৰ বিনিময়ত ক্ষতিপূৰণ বিচাৰে। অভিযোগ অনুসৰি তেওঁ অবৈধভাৱে অতিৰিক্ত ক্ষতিপূৰণ লাভ কৰিছিল, য’ত আৰু ১৪টা প্লট আছিল। পিছলৈ অৱশ্যে তেওঁ সেই মাটি প্ৰশাসনক ঘূৰাই দিয়ে।

এই অভিযোগৰ ভিত্তিত ইডিয়ে পাৰ্বতীক তলব কৰিছিল। একে সময়তে এই গোচৰৰ অভিযুক্ত নোহোৱা সত্ত্বেও কৰ্ণাটকৰ মন্ত্ৰী বাইৰাথী সুৰেশক ইডিয়ে জেৰাৰ বাবে চমন কৰে।

কিন্তু চলিত বৰ্ষৰ ৭ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম নাগাপ্ৰসন্নই পাৰ্বতী আৰু বাইৰাথী সুৰেশ দুয়োৰে গোচৰৰ চমন আদেশ খাৰিজ কৰে। সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ইডিয়ে। অৱশ্যে সেই আবেদনো সোমবাৰে খাৰিজ কৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd