• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভিযুক্তক ‘শিক্ষা’ দিবলৈ জামিন নাকচ কৰা ন্যায়সংগত নহয়: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2026 3:21 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ তদন্তকাৰী সংস্থাসমূহে অভিযুক্তক জামিন নিদিয়াকৈ দীৰ্ঘদিন ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ যি প্ৰথা গঢ়ি তুলিছে, তাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। প্ৰকাশিত তথ্য অনুসৰি, ন্যায়াধীশ জে কে মহেশ্বৰীৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে অভিযুক্তক “জেললৈ পঠিয়াই শিক্ষা” দিয়াৰ উদ্দেশ্যেৰে জামিন নাকচ কৰাটো ন্যায়সংগত নহয়।

আদালতে ন্যায়িক নিৰ্দেশৰ জৰিয়তে বলবৎকাৰী সংস্থাসমূহক সোঁৱৰাই দিয়ে যে আইনৰ দৃষ্টিত প্ৰতিজন অভিযুক্তই দোষী সাব্যস্ত নোহোৱালৈকে নিৰ্দোষী। কেৱল অভিযোগৰ গুৰুত্ব বা আইনৰ কঠোৰতাৰ বাবে এই মৌলিক নীতি লঘু কৰিব নোৱাৰি।

Apply Now

বিচাৰপীঠৰ মতে, “বিচাৰ অবিহনে আটক কৰাটো শাস্তিত পৰিণত কৰিব নোৱাৰি। য’ত কাৰাবাসৰ সময় সীমা অযুক্তিকৰ বা স্বেচ্ছাচাৰী হৈ পৰে, তেনে ক্ষেত্ৰত হস্তক্ষেপ কৰাটো আদালতৰ সাংবিধানিক দায়িত্ব।”

বিচাৰপীঠে লগতে উল্লেখ কৰে যে “জামিন নিয়ম আৰু কাৰাবাস ব্যতিক্ৰম”—এই নীতিয়ে অপৰাধমূলক ন্যায়বিজ্ঞানৰ মূল ভেটি গঠন কৰে।

আদালতে কয় যে সমাজৰ প্ৰতি কোনো স্পষ্ট ভাবুকি নাথাকিলে, সাক্ষী বা তদন্ত প্ৰভাৱিত কৰাৰ আশংকা নাথাকিলে অথবা পলায়নৰ সম্ভাৱনা নাথাকিলে এজন ব্যক্তিক অনিৰ্দিষ্টকাললৈ কাৰাগাৰত ৰখা অনুচিত। ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে ন্যায়িক প্ৰক্ৰিয়াটোৱে নিজেই যাতে এজন ব্যক্তিৰ বাবে শাস্তি হৈ নপৰে।  আদালতে লগতে কয় যে জামিন হৈছে অভিযুক্তক চৰ্তসাপেক্ষে প্ৰদান কৰা অধিকাৰ। পূৰ্বৰ এক ৰায়দানৰ উদ্ধৃতি দি বিচাৰপীঠে কয়, যেতিয়া স্পষ্ট হৈ পৰে যে সময়মতে বিচাৰ সম্পন্ন হোৱাৰ সম্ভাৱনা নাই আৰু অভিযুক্তই ইতিমধ্যে উল্লেখযোগ্য সময় কাৰাগাৰত কটালে, তেতিয়া সাধাৰণতে আদালতে তেওঁলোকক জামিনত মুকলি কৰি দিবলৈ বাধ্য হয়।”

উল্লেখ্য যে, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ অভিযোগৰ ভিত্তিত চিবিআই (CBI)-এ পঞ্জীয়ন কৰা ৩৪,০০০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত দেৱান হাউছিং ফাইনেন্স লিমিটেডৰ পৰিচালন সঞ্চালক কপিল ৱাধাৱান আৰু তেওঁৰ ভাতৃ ধীৰাজ ৱাধাৱানক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে এই পৰ্যবেক্ষণসমূহ আগবঢ়ায়।

জামিন মঞ্জুৰ কৰাৰ সময়ত আদালতে দুয়ো ভাতৃৰ ওপৰত কঠোৰ চৰ্ত আৰোপ কৰে। ইয়াৰ ভিতৰত দেশ ত্যাগ কৰাৰ পূৰ্বে আদালতৰ অনুমতি লোৱাটোও বাধ্যতামূলক কৰা হৈছে। আদালতে যুক্তি দৰ্শায় যে ৭৩৬ জন সাক্ষী, ১১০ জন অভিযুক্ত আৰু ১৭টা ট্ৰাংকত ভৰ্তি প্ৰায় ৪ লাখ পৃষ্ঠাৰ অভিযোগনামা (Charge sheet) থকা এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অহা দুই-তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা অতি ক্ষীণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd