• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মিছা-বিভ্ৰান্তিকৰ বিজ্ঞাপনৰে দেশবাসীক কিমান আভুৱা ভাৰিব বাবা ৰামদেৱে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2024 8:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰামদেৱক লৈ নিমাতী কন্যাৰ ভাওত মোদী চৰকাৰ! পতঞ্জলিৰ বিজ্ঞাপন ভুৱা আখ্যাৰে উচ্চতম ন্যায়ালয়ে  বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত পিছ হুহুকিছে শাসকীয় বিজেপি। মিছা বিজ্ঞাপনেৰে দেশবাসীক আৰু কিমান আভুৱা ভাৰিব ৰামদেৱে!  এইজন ৰামদেৱেই এসময়ত স্বাস্থ্য বিজ্ঞানক-চিকিত্সকক গালি পৰা নাছিল নে? 

অৱশেষত উচ্চতম ন্যায়ালয়ে নাকী লগালে বাবা ৰামদেৱৰ পতঞ্জলিৰ বিজ্ঞাপনৰ ভুৱা তথা বিভ্ৰান্তিকৰ প্ৰচাৰত। জনসাধাৰণক ভ্ৰম আৰু বিপথে পৰিচালিত কৰিব বিচৰা বিজ্ঞাপনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এই নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে হয়তো এতিয়া মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থা হৈছে গোদী মিডিয়াৰ। কিয়নো বেছিভাগ পতঞ্জলিৰ প্ৰডাক্টৰ বিজ্ঞাপনৰ ধনেৰেই চলি আছিল বহুতো সংবাদ মাধ্যম। 

Apply Now

উল্লেখযোগ্য যে, ৰোগীয়ে আৰোগ্য লাভ কৰা বুলি ভুৱা প্ৰচাৰ চলোৱা বিজ্ঞাপনক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পতঞ্জলি আৰু বালকৃষ্ণক উত্তৰ বিচাৰি জাননীও জাৰি কৰিছে। লগতে তেওঁলোকক উচ্চতম ন্যায়ালয়ে সোধে – কিয় তোমালোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া চলাব নালাগে?

বিজ্ঞাপনৰ লগত সংলগ্ন ফটোক আধাৰ হিচাপে লৈ  জাননী জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে! সৰ্বোচ্চ ন্যায়ালয়ে পতঞ্জলিক লগতে ধমক দি কয় – কোনো সংবাদ মাধ্যমৰ সন্মুখত যিকোনো চিকিৎসা প্ৰণালীক  বদনাম কৰি বা বিৰুদ্ধে বক্তব্য ৰাখিব নোৱাৰিব পতঞ্জলিয়ে!  উচ্চতম ন্যায়ালয়ে পূৰ্বতে দিয়া নিৰ্দেশনাৰ  উলংঘা কৰাৰ অভিযোগ পতঞ্জলিৰ বিৰুদ্ধে! 

পতঞ্জলিয়ে কেনেকৈ মধুমেহ, উচ্চ ৰক্তচাপ, মেদবহুলতা, এজমা আদি বেমাৰৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰা ঔষধ প্ৰস্তুত কৰিব পাৰে বুলি দাবী কৰিব পাৰে পতঞ্জলিয়ে? 

এল’পেথিক চিকিৎসাক জনতাৰ নজৰত হেয় প্ৰতিপন্ন কৰিব নালাগে! মনত ৰাখিব, এইজন বাবা ৰামদেৱেই পতঞ্জলিয়ে কোভিডৰ প্ৰতিৰোধক প্ৰস্তুত কৰি কোভিড ৰোগ নিৰাময় কৰিব বুলি দাবী কৰিছিল এসময়ত।  নিজে সেই প্ৰতিৰোধক ঔষধ হাতত লৈ বিজ্ঞাপনো দিছিল বাবা ৰামদেৱে। তেওঁৰ  ক’ৰ’নিল আৰু স্বাচাৰীৰে ক’ৰ’না চিকিৎসা কৰিব পাৰি বুলি দাবী কৰিছিল বাবা ৰামদেবে। 

এই ফটোখনলৈ ভালদৰে মন কৰক  – য’ত বাবা ৰামদেৱৰ সৈতে দেখিবলৈ পোৱা গৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধন আৰু কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক। য’ত পতঞ্জলিৰ প্ৰডাক্টৰ বিজ্ঞাপন দি আছে তিনিওগৰাকীয়ে। মোদী চৰকাৰো যেন বাবা ৰামদেৱৰ শক্তিবৰ্দ্ধক। সেয়েহে উচ্চতম ন্যায়লয়ৰ প্ৰশ্ন –  কেন্দ্ৰীয় চৰকাৰে কিয় চকু মুদি আছে? দেশৰ ১৪০ কোটি জনতাক মুৰ্খ সজাই অহাৰ পাছতো কিয় চকু মুদা কুলিৰ ভাৱত কেন্দ্ৰৰ মোদী চৰকাৰ? কিয় ৰামদেবলৈ ইমান দৰদ মোদী চৰকাৰৰ? 

সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰে যে ড্ৰাগছ এণ্ড মেজিক ৰেমিডিজ (আপত্তিজনক বিজ্ঞাপন) এক্ট ১৯৫৪ৰ অধীনত পতঞ্জলিৰ বিজ্ঞাপনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে? কেন্দ্ৰ চৰকাৰে এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি থকা বুলি জানিবলৈ দিয়ে। আৰু এই উত্তৰত আদালতে অসন্তুষ্টি প্ৰকাশ কৰি কোম্পানীটোৰ বিজ্ঞাপনত চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে। ১৯ মাৰ্চত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

২০২৩ চনৰ ডিচেম্বৰ আৰু ২০২৪ চনৰ জানুৱাৰী মাহত ছপা মাধ্যমত জাৰি কৰা বিজ্ঞাপনসমূহ আই এম এয়ে আদালতৰ সন্মুখত দাখিল কৰে। ইয়াৰ উপৰিও ২০২৩ চনৰ ২২ নৱেম্বৰত পতঞ্জলিৰ চিইঅ’ বালকৃষ্ণৰ সৈতে যোগ গুৰু ৰামদেৱৰ সংবাদমেলৰ বিষয়েও কোৱা হৈছিল। উচ্চতম ন্যায়ায়লৰ এই নিৰ্দেশনাৰ পাছত এতিয়া বাবা ৰামদেৱক কেন্দ্ৰৰ মোদী চৰকাৰে নাকী লগাব পাৰে নে নাই সেয়া সময়ত লক্ষণীয় হ’ব। 

উল্লেখ কৰি থওঁ যে তেজপুৰত পতঞ্জলিৰ ১৩০০ কোটি টকীয়া প্ৰজেক্ট স্থাপনৰ বাবে খন্দা গাঁতত পৰি ২০১৬ চনত এজনী মাইকী হাতীয়ে মৃত্যুক আঁকোৱালি লৈছিল। 

এইগৰাকী বাবা ৰামদেৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰো ঘনিষ্ঠ। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবে অসমত হাজাৰ হাজাৰ বিঘা মাটিত সৰ্বনাশী পাম খেতি কৰাৰো সুযোগ লাভ কৰিছে এইগৰাকী বাবা ৰামদেৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd