দেশৰ ১৩ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নাম তালিকাত একেসময়তে অনুমোদন উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ

SC

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বত গঠিত কলেজিয়ামে দেশৰ ১৩ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নাম তালিকাত অনুমোদন জনাইছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৮ গৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে নিযুক্তি দিয়াৰ লগতে ৫ গৰাকী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আন উচ্চ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ বিষয়ত অনুমোদন জনাইছে।

ইয়াকেলৈ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে একে সময়তে ১৩ গৰাকীকৈ উচ্ত ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিযুক্তিত অনুমোদন জনাইছে।

কলেজিয়ামে লগতে উচ্চ ন্যায়ালয়ৰ ২৮ গৰাকী ন্যায়াধীশক আন উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ বিষয়টোতো অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ এক বিশেষ সূত্ৰই এই কথা প্ৰকাশৈ কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে একে সময়তে ইমান বেছি সংখ্যক ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশৰ নিযুক্তি তথা বদলিত অনুমোদন জনোৱা নাছিল।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে জনোৱা এনে অনুমোদনৰ বিষয়টো শনিবাৰৰ ভিতৰতে ন্যায় মন্ত্ৰনালয়ৰ ওচৰত দাখিল কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে সাময়িক ভাবে নিযুক্তি লাভ কৰা ন্যায়াধীশ ৰাজেশ বিন্দালক ১৬০ গৰাকী ন্যায়াধীশ থকা দেশৰ বৃহত্তম উচ্চ ন্যায়ালয় এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে নিযুক্তি দিয়া হৈছে।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অকিল কুৰেশ্বিক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে বদলি কৰা হৈছে।

এনেদৰে আন ন্যায়াধীস আৰু মুখ্য ন্যায়াধীশ কেইবাগৰাকীকো নতুন নিযুক্তি অথবা বদলি কৰা হৈছে।

উল্লেখ্য উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামত ন্যায়াধীশ ইউ ইউ ললিত,এ এম খানউইলকাৰ,ডি ৱাই চন্দ্ৰচুড,এল এন ৰাও আদি ন্যায়াধীশ সকল আছে।