দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ‘ডিজিটেল এৰেষ্ট’ আৰু চাইবাৰ বিত্তীয় প্ৰৱঞ্চনা প্ৰতিৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে চাইবাৰ অপৰাধ সম্পৰ্কীয় এক স্বতঃস্ফূৰ্ত গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশসমূহ প্ৰদান কৰে। আদালতত মহানাধিবক্তা আৰ ভেংকটৰমণী, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু আমিকাছ কিউৰী জ্যেষ্ঠ অধিবক্তা এন এছ এন নপ্পিনাই উপস্থিত থাকি নিজৰ নিজৰ বক্তব্য ডাঙি ধৰে।
উচ্চতম ন্যায়ালয়ে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক আগন্তুক চাৰি সপ্তাহৰ ভিতৰত বেংকসমূহৰ বাবে এক মানক কাৰ্যপ্ৰণালী বা এছঅ’পি গ্ৰহণ আৰু প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই এছঅ’পিৰ অধীনত চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত একাউণ্টসমূহত সাময়িকভাৱে ডেবিট স্থগিত বা ফ্ৰিজ কৰাৰ ব্যৱস্থা থাকিব। লগতে গ্ৰাহকৰ অভিযোগ নিৰসন ব্যৱস্থা, প্ৰৱঞ্চনাৰ ধন ঘূৰাই পোৱাৰ ব্যৱস্থা আৰু জনসচেতনতা সৃষ্টিৰ বাবেও স্পষ্ট নিয়ম প্ৰস্তুত কৰিবলৈ ৰিজাৰ্ভ বেংকক কোৱা হৈছে। এই অভিযোগ প্ৰক্ৰিয়াক প্ৰথম অগ্ৰাধিকাৰ দিবলৈ সকলো উচ্চ ন্যায়ালয়ৰ ৰেজিস্ট্ৰাৰ জেনেৰেলক নিম্ন আদালতসমূহক অৱগত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বাবে ন্যায়ালয়ে চাৰি সপ্তাহৰ ভিতৰত ‘ষ্টেট চাইবাৰ ক্ৰাইম কো-অৰ্ডিনেচন চেণ্টাৰ’ কাৰ্যক্ষম কৰাটো বাধ্যতামূলক কৰিছে। গৃহ মন্ত্ৰালয় আৰু ভাৰতীয় চাইবাৰ ক্ৰাইম কো-অৰ্ডিনেচন চেণ্টাৰৰ সহায়ত ‘ই-জিৰ’ এফআইআৰ’ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈও কোৱা হৈছে।
ইয়াৰ উপৰিও, চাইবাৰ অপৰাধত ভুক্তভোগীসকলৰ বাবে এটা যুটীয়া দায়বদ্ধতা আৰু ক্ষতিপূৰণৰ গাঁথনি প্ৰস্তুত কৰাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ গঠিত আন্তঃবিভাগীয় সমিতিকো নিৰ্দেশ দিয়া হৈছে।
চিবিআইয়ে চাইবাৰ প্ৰৱঞ্চনা গোচৰৰ তদন্ত হাতত লোৱাৰ ধনৰ নূন্যতম সীমা হ্ৰাস কৰা আৰু বহুতো সৰু সৰু প্ৰৱঞ্চনাৰ গোচৰ একত্ৰিত কৰি তদন্ত কৰাৰ বিষয়টোও বিবেচনা কৰা হৈছে। একেদৰে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, টেলিকম বিভাগ আৰু I4C-ক ভইচ আৰু ভিডিঅ’ কলৰ ক্ষেত্ৰত সময়ভিত্তিক বাধা আৰোপ কৰাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰি ন্যায়ালয়ক অৱগত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।





