NORTHEAST NOW (Assamese)

নামনি সোৱণশিৰি বান্ধ : বিশেষজ্ঞ সমিতি সম্পৰ্কীয় গোচৰ নিষ্পত্তি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

May 10, 2019 11:15 am · এন ই নাও নিউজ
নামনি সোৱণশিৰি নদীবান্ধ। ফাইল ফটো

নামনি সোৱণশিৰি নদীবান্ধক লৈ ইতিমধ্যে গঠিত সকলো বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন আৰু পৰামৰ্শাৱলী চালি-জাৰি চোৱাৰ বাবে গঠন কৰা তিনিজনীয়া বিশেষজ্ঞ সমিতিৰ নিৰপেক্ষতাক প্ৰত্যাহ্বান জনাই প্ৰাক্তন ছাত্ৰ নেতা তথা অগপ নেতা তুলাৰাম গগৈয়ে উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰিছিল।

উক্ত গোচৰটো বিচাৰাধীন হৈ থকা অৱস্থাতে তিনিজনীয়া বিশেষজ্ঞ সমিতিখনে দাখিল কৰা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্যৰ বিৰুদ্ধে পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তুলাৰাম গগৈয়ে।

উল্লেখযোগ্য যে গগৈৰ এখন আবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ আদেশ অনুসৰি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ড০ আই ডি গুপ্তা, প্ৰভাস পাণ্ডে আৰু পি এম স্কটক লৈ  তিনিজনীয়া বিশেষজ্ঞ সমিতিখন গঠন কৰিছিল।

পিচে, উক্ত তিনিগৰাকী বিশেষজ্ঞই পূৰ্বতে কিবা নহয় কিবা প্ৰকাৰে নামনি সোৱণশিৰি প্ৰকল্পৰ অনুমোদন প্ৰক্ৰিয়াটোৰ সৈতে জড়িত থকাৰ দিশটো পোহৰলৈ আনি সমিতিখনৰ নিৰপেক্ষতাক প্ৰত্যাহ্বান জনাই গগৈয়ে সেউজ ন্যায়াধিকৰণত জনোৱা আবেদন ব্যৰ্থ হোৱাৰ পাছত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

ইপিনে, তুলাৰাম গগৈৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে গগৈৰ আবেদনখন নামঞ্জুৰ কৰাৰ সমৰ্থনত ২৫ জুলাইৰ ভিতৰত সেউজ ন্যায়াধিকৰণৰ পৰা  কৈফিয়ৎ তলৱ কৰিছিল। কিন্তু ইয়াৰ মাজতে সমিতিখনৰ প্ৰতিবেদন পৰিৱেশ মন্ত্ৰালয়ে গ্ৰহণ কৰাৰ কথা জানিব পাৰি গগৈয়ে উচ্চতম ন্যায়ালয়ত এখন বিবিধ আবেদন দাখিল কৰে।

বৃহস্পতিবাৰে এই বিবিধ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ  দুজনীয়া বিচাৰপীঠ এখনে পূৰ্বৰ নিৰ্দেশ অনুসৰি ২৫ জুলাইতে সেউজ ন্যায়াধিকৰণক তেওঁলোকৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে।

Related News