NORTHEAST NOW (Assamese)

পুনৰ বিতৰ্কত NEET-PG! দুটা শ্বিফ্টত নহ’ব পৰীক্ষা, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

May 31, 2025 2:21 pm · এন ই নাও নিউজ, গুৱাহাটী

দুটা শ্বিফটত NEET-PG পৰীক্ষা অনুষ্ঠিত কৰাৰ আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। দেশৰ শীৰ্ষ ন্যায়ালয়ে এনে চিন্তা প্ৰকৃততে ‘স্বেচ্ছাচাৰী’ বুলি মন্তব্য কৰে।

স্নাতকোত্তৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা NEET-PG অহা ১৫ জুনত দুটা শ্বিফটত অনুষ্ঠিত হ’ব লগা আছিল। কিন্তু কনিষ্ঠ চিকিৎসকৰ এটা অংশই দুয়োটা শ্বিফটতে পৰীক্ষা দিয়াৰ বিৰোধিতা কৰিছিল। বিষয়টো গৈ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰত এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডক নিৰ্দেশ দিয়ে।

যোৱা বছৰৰ দ্বিতীয় শ্বিফটৰ প্ৰশ্নকাকত অস্বাভাৱিকভাৱে কঠিন বুলি দাবী কৰে NEETৰ প্ৰাৰ্থীসকলে। তেওঁলোকে দাবী কৰিছিল যে দুটা শ্বিফটত প্ৰশ্নকাকতৰ মানদণ্ড কেতিয়াও একে হ’ব নোৱাৰে।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ জুনিয়ৰ ডাক্তৰ নেটৱৰ্কৰ হৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলৈও এখন পত্ৰ প্ৰেৰণ কৰা হয় যাতে এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰা হয়। এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পালে। সেইটোৰ ওপৰত আদালতে এই ডাঙৰ আদেশ দিলে।

উচ্চতম ন্যায়ালয়ে এটা শ্বিফটত স্বচ্ছ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। যিহেতু পৰীক্ষা ১৫ জুনত হ’ব, সেয়েহে আদালতে পৰ্যবেক্ষণ কৰে যে এন বি ইয়ে এটা শ্বিফটত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সময় পাব। আদালতে লক্ষ্য কৰে যে দুয়োটা শ্বিফটৰ প্ৰশ্নকাকত কেতিয়াও সমানে কঠিন বা সহজ হ’ব নোৱাৰে।

আদালতে লগতে কয় যে দেশখন যিদৰে প্ৰযুক্তিগতভাৱে উন্নত আয়োজক সংস্থাটোৱে সমগ্ৰ দেশতে এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ পৰ্যাপ্ত কেন্দ্ৰ নাপায় বুলি কোৱা যুক্তি আদালতে মানি ল’বলৈ ইচ্ছুক নহয়। আজিৰ দিনটোতে আদালতে কয় যে পৰীক্ষাটো এটা শ্বিফটত অনুষ্ঠিত কৰিব লাগিব। পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। প্ৰয়োজন হ’লে আদালতৰ অনুমতি সাপেক্ষে পৰীক্ষাৰ তাৰিখ পিছুৱাই দিব পাৰিব।

Related News