NORTHEAST NOW (Assamese)

বাওঁপন্থী প্ৰাৰ্থীক ন্যায়াধীশ নিযুক্তি দিয়াত আপত্তি : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে কেন্দ্ৰৰ আৰ্জি

March 16, 2024 7:39 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

যিকোনো যোগ্য প্ৰাৰ্থীয়েই ন্যায়াধীশৰ আসনত বহিব পাৰে। বাওঁপন্থী হওঁক বা আন কোনো ৰাজনৈতিক দলৰ ঘনিষ্ঠ হওক। তাত কোনো সমস্যা নাই। – এই ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ।

ঘটনাৰ বিৱৰণ অনুসৰি, অধিবক্তা মনোজ পুলাম্বী মাধৱনক কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মনোনীত কৰিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিলে কেন্দ্ৰীয় চৰকাৰে।  

কেন্দ্ৰই অভিযোগ কৰে যে কোনো বাওঁপন্থী প্ৰাৰ্থীক ন্যায়াধীশ হিচাপে নিযুক্তি দিব নোৱাৰি। ই ন্যায়িক প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। লগতে মাধৱনে দীৰ্ঘদিন ধৰি কেৰালা চৰকাৰৰ হৈ বহু আইনী যুঁজ চলাই আহিছে আৰু কেৰালাত বাওঁ গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতাত আছে।

কিন্তু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ আবেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে কয় যে কোনো ব্যক্তিৰ ৰাজনৈতিক পৰিচয়ৰ ভিত্তিত বিচাৰ কৰিব নোৱাৰি। কেৱল বাওঁপন্থী হোৱাৰ বাবেই এজন প্ৰাৰ্থীক ন্যায়াধীশৰ আসনত নিযুক্তি দিব নোৱাৰি বুলি কোনো যুক্তি দিব নোৱাৰি। ন্যায়াধীশ হিচাপে মনোনীত হৈছে এজন অধিবক্তা, কোনো ৰাজনৈতিক ব্যক্তি হিচাপে হয়।

উল্লেখ্য যে কেৰালা উচ্চ ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামলৈ কেইবাজনো অধিবক্তাৰ নাম প্ৰেৰণ কৰা হৈছিল । উচ্চতম ন্যায়ালয়ে তাৰ পৰাই ৬ গৰাকীৰ নাম বাছি লৈছিল। ইয়াৰ ভিতৰত ভি এম শ্যাম কুমাৰ, এম এ আব্দুল হাকিম, এছ মনু, হৰিশংকৰ ভি মেনন, এছ ঈশ্বৰন সুব্ৰমণি আৰু মনোজ পুলাম্বী মাধৱন আছিল।

Related News