• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্মৰত শিক্ষকৰ বাবে টেট উত্তীৰ্ণ বাধ্যতামূলক; পুনৰীক্ষণ গোচৰত সময়সীমা বৃদ্ধি কৰি স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2026 2:39 pm
171
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মৰত শিক্ষকসকলে টেট (Teacher Eligibility Test) উত্তীৰ্ণ হ’বই লাগিব। উচ্চতম ন্যায়ালয়ে পুনৰ এবাৰ স্পষ্ট কৰি দিছে যে টেট উত্তীৰ্ণ বাধ্যতামূলক। একে সময়তে পুনৰীক্ষণ আবেদনৰ পৰিপ্ৰেক্ষিতত দেশৰ শীৰ্ষ ন্যায়ালয়ে শিক্ষক নিযুক্তিৰ বাবে বাধ্যতামূলক টেট অৰ্হতা লাভৰ সময়সীমা আৰু এবছৰ বৃদ্ধি কৰিছে। ফলত য’ত পূৰ্বে টেট উত্তীৰ্ণৰ সময়সীমা আছিল ২০২৭ চনৰ ৩১ আগষ্ট, সেয়া এতিয়া ২০২৮ চনৰ ৩১ আগষ্টলৈ বৃদ্ধি কৰা হৈছে।

শুকুৰবাৰে ন্যায়াধীশ দীপাংকৰ দত্তৰ নেতৃত্বত গঠিত বিভাগীয় বিচাৰপীঠে একাধিক পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰে। দেশৰ কেইবাখনো ৰাজ্য আৰু কেইবাটাও শিক্ষক সংগঠনে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ পুনৰীক্ষণ বিচাৰি শীৰ্ষ ন্যায়ালয়ৰ কাষ চাপিছিল।

Apply Now

 বৰ্তমান সময়ত কৰ্মৰত বহু শিক্ষকে এতিয়াও টেটৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই আৰু তেওঁলোকক অধিক সময় দিয়াৰ প্ৰয়োজন আছে বুলি আদালতে জানিবলৈ দিয়ে। সেইবাবেই এবছৰৰ অতিৰিক্ত ৰেহাই দিয়া হৈছে।

এই ৰায়দানৰ জৰিয়তে বিশেষভাৱে সেইসকল শিক্ষক উপকৃত হ’ব যিসকল শিক্ষকে দীৰ্ঘদিন ধৰি সেৱাত আছিল যদিও নিৰ্ধাৰিত সময়ৰ ভিতৰত টেট উত্তীৰ্ণ হ’ব নোৱাৰিলে। বিশেষজ্ঞৰ এটা অংশৰ মতে, বিভিন্ন ৰাজ্যত প্ৰশিক্ষণ, পৰীক্ষাৰ ব্যৱস্থা আৰু প্ৰশাসনিক জটিলতাৰ বাবে বহু শিক্ষকে সময়মতে টেট সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলত উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই তেওঁলোকক যথেষ্ট সকাহ দিব।

মন কৰিবলগীয়া যে পাঠদানৰ বাবে নূন্যতম অৰ্হতা হিচাপে টেট বাধ্যতামূলক। এন চি টি ইৰ নিৰ্দেশনা অনুসৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত পাঠদানৰ বাবে এই অৰ্হতা অতি প্ৰয়োজনীয়। কিন্তু বহু ৰাজ্যত পূর্বে নিযুক্তি পোৱা শিক্ষকৰ সময়সীমা সন্দর্ভত বিতর্ক চলিছিল৷ সেই প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ত কেইবাখনো পুনৰীক্ষণ আবেদন দাখিল কৰা হয়।

আদালতৰ নতুন নিৰ্দেশ অনুসৰি ২০২৮ চনৰ ৩১ আগষ্টৰ ভিতৰত সংশ্লিষ্ট শিক্ষকসকলে টেট অৰ্হতা লাভ কৰিব লাগিব। নিৰ্দিষ্ট সময়ৰ পিছতো যদি কোনোবাই যোগ্যতা অৰ্জন কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ নিযুক্তি সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত ল’ব পাৰে প্ৰশাসনে।

২০২৫ চনৰ ১ ছেপ্টেম্বৰত শিক্ষক নিযুক্তিৰ সৈতে জড়িত এটা গোচৰত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে কৰ্মৰত শিক্ষকৰ বাবে টেট উত্তীৰ্ণ কৰাটো বাধ্যতামূলক। সেই নিৰ্দেশ অনুসৰি শিক্ষকসকলক টেট উত্তীৰ্ণ হ’বলৈ দুবছৰৰ সময় দিয়া হৈছিল। এই নিৰ্দেশত আদালতে কয় যে নিৰ্দিষ্ট সময়ৰ ভিতৰত টেট উত্তীৰ্ণ নহ’লে তেওঁলোকে চাকৰি এৰিব লাগিব বা বাধ্যতামূলক অৱসৰ ল’ব লাগিব। তেনে ক্ষেত্ৰত শিক্ষকসকলে অৱসৰৰ সুবিধাহে পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am
জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd