• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত ভাৰভাৰা ৰাওক জামিন উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2022 2:35 pm
Bhima Koregaon Case Varavara Rao
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিটাকৈ বছৰ কাৰাবন্দী হৈ থকাৰ পিছত অৱশেষত জামিন লাভ কৰিছে বিশিষ্ট মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰভাৰা ৰাৱে। ভীমা-কোৰেগাঁও গোচৰত অভিযুক্ত ৰাওক আজি উচ্চতম ন্যায়ালয়ে স্বাস্থ্যজনিত কাৰণত জামিন প্ৰদান কৰিছে।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰাওক জামিন প্ৰদান কৰিলেও ভীমা-কোৰেগাঁও গোচৰত তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহ মোচন হোৱা নাই বুলি আদালতে স্পষ্ট কৰি দিছে।

Apply Now

ন্যায়াধীশ ইউইউ ললিত আৰু এছ ৰবীন্দ্ৰ ভাটেৰে গঠিত বিচাৰপীঠে লগতে ৰাওক গোচৰ সম্পূৰ্ণ নোহোৱালৈকে মুম্বাইৰ অধিকাৰ ক্ষেত্ৰ এৰি নাযাবলৈও নিৰ্দেশ দিয়ে।

ভাৰভাৰা ৰাৱে স্থায়ী জামিনৰ অনুৰোধ জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আজি বিচাৰপীঠে ৰাওৰ স্বাস্থ্যৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ চিকিৎসাৰ ভিত্তিত জামিনৰ অধিকাৰী বুলি ৰায় দিয়ে।

জ্যেষ্ঠ অধিবক্তা আনন্দ গ্ৰোভাৰে ভাৰভাৰা ৰাওক প্ৰতিনিধিত্ব কৰি ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি কয় যে ৰাওৰ বিৰুদ্ধে কোনো অভিযোগ আৰোপ কৰা নাই।

ৰাওৰ স্বাস্থ্যৰ অৱস্থাৰ দিশটোলৈ আঙুলিয়াই তেওঁ বিচাৰপীঠৰ আগত পাৰ্কিনছন ৰোগত আক্ৰান্ত ৰাওৰ উন্নত চিকিৎসা ব্যৱস্থাৰ ওপৰত বিচাৰপীঠক বিবেচনা কৰিবলৈ আহ্বান জনায়।

আনহাতে চৰকাৰী পক্ষৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ.ভি. ৰাজুৱে ৰাওৰ জামিন নাকচ কৰিবলৈ আহ্বান জনাই ৰাৱে ডিচচাৰ্জ আবেদন দাখিল কৰি বিচাৰ প্ৰক্ৰিয়া বিলম্বিত কৰিবলৈ চেষ্টা কৰি আছে বুলি অভিযোগ কৰে।

কিন্তু শীৰ্ষ আদালতৰ বিচাৰপীঠে ৰাজুৰ এই অভিযোগক তীব্ৰ নিন্দা কৰে আৰু ৰাওৰ শাৰীৰিক অসুস্থতাৰ বিষয়ক লৈ বিবাদ নকৰিবলৈ সকীয়াই দিয়ে।

বিচাৰপীঠে কয়, “আপুনি তেখেতৰ স্বাস্থ্যৰ বিষয়ত বিবাদ নকৰিব। তেওঁৰ বয়সৰ ফালেও চকু দিয়ক। যদি অভিযুক্তই শাৰীৰিক কষ্ট পাই আছে, কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হ’ব।”

কিন্তু চৰকাৰী অধিবক্তা গৰাকীয়ে পুনৰ দাবী কৰে যে ৰাও নিষিদ্ধ সংগঠন চিপিআই (মাও) গোটৰ এজন সদস্য আছিল আৰু তেওঁ জঘন্য কাৰ্যকলাপতো লিপ্ত হৈছিল।

ৰাওৰ কাৰ্যকলাপৰ প্ৰকৃতি দেশৰ বাবে বিপদজনক আৰু ক্ষতিকাৰক বুলি ৰাজুৱে আদালতৰ সন্মুখত মন্তব্য কৰে। কিন্তু আদালতৰ সন্মুখত এই সন্দৰ্ভত কোনো তথ্য দাখিল কৰিবলৈ অপাৰগ হয় চৰকাৰী অধিবক্তাগৰাকী।

উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত আয়োজিত এক অনুষ্ঠানৰ পিছদিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাত উচতনি দিয়াৰ অভিযোগত আৰু মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ভাৰভাৰা ৰাওসহ কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইতিমধ্যে কাৰাগাৰৰ ভিতৰতে মৃত্যুবৰণ কৰিছে মানৱ অধিকাৰ কৰ্মী ফাডাৰ ষ্টেন স্বামীয়ে। অৱশ্যে অধিবক্তা সুধা ভৰদ্বাজে যোৱা বৰ্ষৰ শেষৰ ফালে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছে। এতিয়াও কাৰাগাৰত আবদ্ধ হৈ আছে কেইবাগৰাকীও অভিযুক্ত ব্যক্তি।

তেওঁলোকৰ ওপৰত কাৰাগাৰত নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে নূন্যতম স্বতন্ত্ৰতাতো বাধা দিয়া হৈছে বুলি অভিযোগ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd