অৱশেষত অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে

লোকসভা নিৰ্বাচনৰ মাজতে আম আদমি পাৰ্টি আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ডাঙৰ সকাহ পালে। উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। তেওঁক ২ জুনৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অৰবিন্দ কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভীয়ে ৪ জুনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱালৈকে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন দাখিল কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে।

চলিত লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অনুমতি দিবলৈ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি আবেদন জনাইছিল। ইডিয়ে মঙলবাৰে শপতনামাত তেওঁৰ এই আবেদনৰ বিৰোধিতা কৰে।

লগতে পঢ়কঃ পৰীক্ষাৰ আগদিনাই NEET ৰ প্ৰশ্নকাকত পাইছিল বিহাৰৰ ২০ গৰাকী পৰীক্ষাৰ্থীয়ে; জেৰাত ওলাল জোলোঙাৰ মেকুৰী!

ইডিৰ মতে আইন সকলোৰে বাবে এক। নিৰ্বাচনত প্ৰচাৰ চলোৱাটো কোনো মৌলিক, সাংবিধানিক বা আনকি কোনো আইনী অধিকাৰৰ ভিতৰত নপৰে।