• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতম ন্যায়ালয়ে অপৰাধমূলক বিচাৰত অভিযোগনামা দাখিল কৰিবৰ বাবে দেশজুৰি কঠোৰ সময়সীমা নিৰ্ধাৰণৰ পৰিকল্পনা…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 12:16 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে অপৰাধমূলক বিচাৰত অভিযোগনামা (Charge Sheet) দাখিল কৰাৰ বাবে সমগ্ৰ দেশৰ নিম্ন আদালতসমূহৰ বাবে কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ নিয়ম প্ৰণয়নৰ পৰিকল্পনা কৰিছে। বিচাৰ প্ৰক্ৰিয়াত দীৰ্ঘদিনীয়া বিলম্ব ৰোধ কৰি ন্যায়ৰ গতি ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে বিচাৰপীঠে।

ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ এন.ভি. অঞ্জাৰিয়াৰ বিচাৰপীঠে অমন কুমাৰ নামৰ এজন ব্যক্তিৰ জামিন আবেদন শুনানিৰ সময়ত এই বিষয়টো পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে ডকাইতি আৰু হত্যাৰ চেষ্টাৰ অভিযোগত ২০২৪ চনৰ আগষ্ট মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছে অমন কুমাৰ। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল যদিও এবছৰতকৈও অধিক সময়ৰ পাছতো নিম্ন আদালতে অভিযোগ সন্দৰ্ভত এতিয়াও ৰায় প্ৰদান কৰা নাই। কুমাৰৰ আবেদনত তেওঁ দাবী কৰিছে যে, তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ আৰু কয় যে, বিচাৰ অবিহনে তেওঁক দীৰ্ঘদিন ধৰি জেলত ৰখা হৈছে। ২০২৪ চনৰ অক্টোবৰ মাহত নিম্ন আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল। তাৰ পিছত ২০২৫ চনৰ মাৰ্চ মাহত পাটনা উচ্চ ন্যায়ালয়েও তেওঁৰ আবেদন নাকচ কৰে।

Apply Now

শুনানিৰ সময়ত বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি কয় যে, “আমি বাৰে বাৰে এই দৃশ্য দেখিছোঁ আৰক্ষীয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ মাহ বা বছৰৰ পিছতো অভিযোগ নামা প্ৰস্তুত কৰা নহয়। যিটো বিচাৰত পলম হোৱাৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰে। অভিযোগ নামা অবিহনে একো আগবাঢ়ি নাযায়।”

গতিকে “এই ব্যৱস্থা অব্যাহত ৰাখিব নোৱাৰে” বুলি আদালতে স্পষ্ট কৰি দিছে। আৰক্ষীয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ লগে লগে অভিযোগনামা প্ৰস্তুত কৰিব লাগে। বিচাৰপীঠে আৰু কয় যে, ভাৰতৰ বেছিভাগ আদালতত এই সমস্যা সুলভ। “এই বিষয়ত সমগ্ৰ দেশৰ বাবে কিছুমান নিৰ্দেশৰ প্ৰয়োজন,” বুলিও উল্লেখ কৰে।

এই বিষয়ত সহায় কৰিবলৈ বিচাৰপীঠে অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাক এমিকাছ কুৰিয়া (আদালতৰ বন্ধু) হিচাপে নিযুক্তি দিছে। আৰু গোচৰৰ নথিসমূহ এটৰ্নী জেনেৰেললৈ পঠোৱাৰ নিৰ্দেশ দিয়া হৈছে। আদালতে সমগ্ৰ দেশতে অভিযোগ ফ্ৰেমিং আৰু বিচাৰৰ সময়সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত শুনিব বিচাৰে।

এই পদক্ষেপৰ ফলত ন্যায় ব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তন সাধন হ’ব পাৰে। কুমাৰৰ দৰে দীৰ্ঘ সময় ধৰি বিচাৰাধীন বন্দীসকলৰ ন্যায় ক্ষিপ্ৰতৰে প্ৰদান হ’ব পাৰে, যিয়ে ভাৰতীয় বিচাৰ ব্যৱস্থাক অধিক দক্ষ কৰি তুলিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd