• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহিতা কন্যাও পিতৃ-মাতৃৰ পৰিয়ালৰ অবিচ্ছেদ্য অংশ! লিংগ বৈষম্য আৰু পুৰণি ধ্যান-ধাৰণাক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 10:12 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহিতা কন্যা এগৰাকী পিতৃ-মাতৃৰ পৰিয়ালৰ সদস্য হৈ নাথাকে বুলি গণ্য কৰাটো লিংগভিত্তিক ৰক্ষণশীল ধাৰণাৰ ওপৰত আধাৰিত আৰু সমতাৰ সাংবিধানিক নীতি অনুসৰি ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি বুলি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ ২০১৯ চনৰ এক নিৰ্দেশনা অনুসৰি ‘বিবাহিতা কন্যা’ক পৰিয়ালৰ সংজ্ঞাৰ পৰা বাদ দিয়া হৈছিল আৰু ইয়াৰ আধাৰতে এলাহাবাদ উচ্চ ন্যায়ালয়ে এগৰাকী বিবাহিতা কন্যাক মাতৃৰ মৃত্যুৰ পাছত অনুকম্পামূলক নিযুক্তি দিবলৈ অস্বীকাৰ কৰিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰিয়েই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি. এছ. নৰসিংহ আৰু ন্যায়াধীশ আলোক আৰাধেৰ বিচাৰপীঠে এই ঐতিহাসিক পৰ্যবেক্ষণ আগবঢ়ায়।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সকলো নিৰ্দেশ বাতিল কৰি উচ্চতম ন্যায়ালয়ে ‘কুলচুম নিশা বনাম উত্তৰ প্ৰদেশ চৰকাৰ’ (দেৱানী আপীল নং ৭৬৬৭/২০২৫) গোচৰত আবেদনকাৰী কন্যাক তেওঁৰ মাতৃয়ে মৃত্যুৰ পূৰ্বে পৰিচালনা কৰা সুলভ মূল্যৰ দোকানখন (ৰেচনৰ দোকান) আৱণ্টন দিয়াৰ আবেদন মঞ্জুৰ কৰে। ন্যায়াধীশ আৰাধেই এই ৰায়দানত স্পষ্টভাৱে উল্লেখ কৰে যে বিবাহে কেতিয়াও কন্যা আৰু তেওঁৰ জন্মদাতা পৰিয়ালৰ মাজৰ সম্পৰ্ক শেষ নকৰে আৰু সেয়েহে বিবাহিতা কন্যা এগৰাকী পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি ধৰি লোৱাটো সম্পূৰ্ণ ভুল।

Apply Now

শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠখনে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ চৰকাৰৰ বিতৰ্কিত নিৰ্দেশনাটো এই ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত আছিল যে বিয়াৰ পাছত কন্যা পিতৃ-মাতৃৰ পৰিয়ালৰ সদস্য হৈ নাথাকে বা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল নহয়, যিটো সাংবিধানিকভাৱে একেবাৰেই অগ্ৰহণযোগ্য। সাম্প্ৰতিক সমাজ ব্যৱস্থাত এনে বহু বিবাহিতা কন্যা আছে যিয়ে পিতৃ-মাতৃৰ লগতে বাস কৰে, তেওঁলোকক সহায় কৰে বা তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি চলে। নিৰ্ভৰশীলতা কোনো লিংগভিত্তিক বিষয় নহয়, বৰঞ্চ ই এটা বাস্তৱিক দিশ, যাক কেৱল বৈবাহিক স্থিতিৰ আধাৰতে নিৰ্ধাৰণ কৰিব নোৱাৰি বুলি ন্যায়ালয়ে স্পষ্ট কৰে।

ন্যায়ালয়ে আঙুলিয়াই দিয়ে যে চৰকাৰী আঁচনিখনত বিবাহিত পুত্ৰসকলক পৰিয়ালৰ সংজ্ঞাৰ পৰা বাদ দিয়া হোৱা নাই। পুত্ৰ বিবাহিত হ’লেও পৰিয়ালৰ অংশ হৈয়েই থাকে, কিন্তু কন্যা এগৰাকী বিবাহিত হোৱাৰ বাবেই তেওঁক বাদ দিয়াটোৱে লিংগভিত্তিক এক পুৰণি ৰক্ষণশীল চিন্তাধাৰাক প্ৰতিফলিত কৰে। বিবাহৰ পাছত কন্যাই নিজৰ জন্মস্থানৰ সকলো সম্পৰ্ক ছিন্ন কৰি আন এটা পৰিয়ালৰ সদস্য হৈ পৰে বুলি থকা ধাৰণাই সংবিধানৰ সমতাৰ অধিকাৰ খৰ্ব কৰে বুলি ন্যায়ালয়ে উল্লেখ কৰে।

ইয়াৰ উপৰি, নিযুক্তিৰ যোগ্যতা অৰ্জনৰ বাবে প্ৰাৰ্থীগৰাকী স্থানীয় বাসিন্দা হোৱাটো জৰুৰী আৰু বিবাহিতা কন্যা এগৰাকীয়ে এই চৰ্ত পূৰণ কৰিব নোৱাৰিব পাৰে বুলি ৰাজ্য চৰকাৰে আগবঢ়োৱা যুক্তিকো ন্যায়ালয়ে খণ্ডন কৰে। প্ৰতিগৰাকী বিবাহিতা কন্যাই যে বিয়াৰ পাছত অন্য স্থানতহে বাস কৰে, সেয়া এক ভিত্তিহীন অনুমান বুলি বিচাৰপীঠে মন্তব্য কৰে। সকলো বিবাহিতা কন্যাক একেলগে এনে আঁচনিৰ পৰা বাদ দিয়াটো ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৫(১) অনুচ্ছেদৰ অধীনত প্ৰদান কৰা সমতাৰ মৌলিক অধিকাৰৰ উলংঘন বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে এনে বৈষম্যমূলক কাৰ্য সম্পূৰ্ণৰূপে অসাংবিধানিক বুলি ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd