• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2025 4:54 pm
48
VIEWS
Share on FacebookShare on Twitter

আই আই টি খড়গপুৰ আৰু উত্তৰ প্ৰদেশৰ নয়দাৰ এখন বিশ্ববিদ্যালয়ত দুজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ  বাবে উচ্চতম ন্যায়ালয়ে নিজা কৈ তদন্তৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা সপ্তাহত আই আই টি খড়গপুৰৰ চতুৰ্থ বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ হোষ্টেলত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। ছাত্ৰজনক আত্মহত্যাৰ সন্দেহ কৰা হৈছে। একেদৰে, নয়দাৰ এখন বিশ্ববিদ্যালয়ৰ হোষ্টেলতো এগৰাকী ছাত্ৰীৰ মৃতদেহৰ লগতে এখন ছুইচাইড নোট উদ্ধাৰ হৈছে। এই দুয়োটা ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ বিচাৰপীঠে নিজা কৈ তদন্তৰ কথা ঘোষণা কৰিছে।

উচ্চতম ন্যায়ালয়ে দুয়োখন শিক্ষানুষ্ঠানৰ পৰা এই মৃত্যুৰ ঘটনা সন্দৰ্ভত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আদালতে মন্তব্য কৰিছে যে শিক্ষা ব্যৱস্থাত কিছু গুৰুতৰ সমস্যা আছে। বিচাৰপীঠে জানিব বিচাৰিছে যে এই ঘটনাৰ পিছত আৰক্ষীক তৎকালে অৱগত কৰা হৈছিল নেকি। লগতে, জ্যেষ্ঠ অধিবক্তা অপৰ্ণা ভাটক এই গোচৰত এমিকাছ কুৰিয়া হিচাপে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁক এফআইআৰ ৰুজুৰ সময় আৰু কৰ্তৃপক্ষই আৰক্ষীক তৎকালে জাননী দিয়াৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈও নিৰ্দেশ দিছে।

উল্লেখ্য যে নয়দাৰ মৃত ছাত্ৰজন দন্ত অস্ত্ৰোপচাৰ বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। উদ্ধাৰ হোৱা ছুইচাইড নোটত বিশ্ববিদ্যালয়ৰ দন্ত চিকিৎসা বিভাগৰ এজন পুৰুষ আৰু এগৰাকী মহিলা শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, যোৱা সাত মাহত আই আই টি খড়গপুৰত চতুৰ্থবাৰৰ বাবে এনে ধৰণৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। এই লৈ উচ্চতম ন্যায়ালয়ে আশ্চৰ্য প্ৰকাশ কৰিছে।

প্ৰসংগক্ৰমে পূৰ্বৰ এটা গোচৰত, ২৪ মাৰ্চত উচ্চতম ন্যায়ালয়ে কৈছিল যে প্ৰতিটো আত্মহত্যাৰ গোচৰত এফআইআৰ ৰুজু কৰাৰ প্ৰয়োজন। আদালতে জানিব বিচাৰিছে যে আই আই টি খড়গপুৰ আৰু নয়দা বিশ্ববিদ্যালয়ৰ এই ঘটনাৰ পিছত কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিছে। লগতে, যদি এফআইআৰ ৰুজুত পলম বা কোনো ত্ৰুটি ধৰা পৰে, তেন্তে আদালতে অৱমাননাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও সতৰ্ক কৰিছে। সোমবাৰে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।

Recent News

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd