• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লখিমপুৰ খেৰী কাণ্ড: উত্তৰ প্ৰদেশ চৰকাৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2021 6:08 pm
Supreme Court on Tripura Violence
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ গোচৰৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰৰ স্থিতিক পুনৰবাৰ ককৰ্থনা কৰিলে উচ্চতম ন্যায়ালয়ে।

আজি গোচৰটোৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এনভি ৰমনাই তদন্তৰ দুৰ্বল অগ্ৰগতিৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক ভৎসৰ্না কৰি কয়, “আমি ৰাজনৈতিক উদ্দেশ্য সাঙুৰিব নোৱাৰোঁ। উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক গোচৰটো তদাৰক কৰিবলৈ দিয়ক। তদন্ত প্ৰক্ৰিয়া আমি আশা কৰা ধৰণে চলি থকা নাই।”

উচ্চতম ন্যায়ালয়ে যোগী আদিত্যনাথ চৰকাৰক গোচৰটোৰ আওতাত কিমানজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে তাৰ স্থিতি প্ৰতিবেদনত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু স্থিতি প্ৰতিবেদনত কিছুমান সাক্ষীৰ মন্তব্য পৰীক্ষা কৰা বুলি উল্লেখ কৰাৰ বাহিৰে আন একো নাই বুলি মন্তব্য কৰে মুখ্য ন্যায়াধীশে।

বিচাৰকসকলে লগতে কয় যে গোচৰটোত দুখন এজাহাৰ কেৱল অভিযুক্ত আশীষ মিশ্ৰক সুৰক্ষা দিয়াৰ লক্ষ্যৰে দাখিল কৰা যেন অনুমান হৈছে।

৩ অক্টোবৰত লখিমপুৰ খেৰীত মুঠ আঠজন লোক নিহত হৈছিল। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে চাৰিজন কৃষকক মহতীয়াই হত্যা কৰাৰ পিছত পিছত সংঘটিত হোৱা হিংসাত্মক ঘটনাত আন চাৰিজন লোক নিহত হৈছিল।

Apply Now

উচ্চতম ন্যায়ালয়ে হিংসাত নিহত বিজেপি কৰ্মীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত উত্তৰ প্ৰদেশ চৰকাৰক এজন সাংবাদিককে ধৰি আৰু চাৰিজন লোকৰ হত্যাসন্দৰ্ভত পৃথক প্ৰতিবেদন বিচাৰিছিল।

উচ্চতম ন্যায়ালয়ে গোচৰটোত উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰাৰ তিনিদিন পিছত ১১ অক্টোবৰত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

ন্যায়াধীশ সূৰ্য কান্তই শুনানিৰ সময়ত কয়, “প্ৰাথমিক ভাৱে দেখা গৈছে যে এজন নিৰ্দিষ্ট অভিযুক্তক দুখন এজাহাৰ দাখিল কৰি সুৰক্ষা প্ৰদান কৰা হৈছে।”

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দুয়োখন এজাহাৰ পৃথকে তদন্ত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছিল।

ন্যায়াধীশ সূৰ্য কান্তই কয়, “যিসকল সাক্ষী বিবৃতি লিপিবদ্ধ কৰা হৈছে তেওঁলোকে মুখ্য অভিযুক্তৰ পক্ষত সাক্ষী প্ৰদান কৰা যেন অনুমান হৈছে। ঘটনা সন্দৰ্ভত দুখন এজাহাৰ আছে আৰু এখন এজাহাৰত সংগ্ৰহ কৰা প্ৰমাণ আন এখনত ব্যৱহাৰ কৰা হ’ব।”

উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰি হৰিশ চালভেয়ে বিচাৰকসকলক কয় যে “যদিও এজাহাৰৰ পৃথকে তদন্ত কৰাৰ চেষ্টা কৰা হৈছিল, সাক্ষীসকলক এখন এজাহাৰৰ বিষয়ে কথা পাতিবলৈ মাতি অনা হয় কিন্তু দ্বিতীয় এজাহাৰৰ ঘটনাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰে।”

তেওঁ লগতে কয় যে ঘটনাত নিহত হোৱা সাংবাদিক ৰমন কাশ্যপ আশীষ মিশ্ৰৰ দলৰ অংশ আছিল নে নাই এই লৈ বিভ্ৰান্তিৰ বাবে সমস্যাৰ সৃষ্টি হৈছে।

“দুয়োখন এজাহাৰৰ প্ৰমাণ পৃথকে ৰেকৰ্ড কৰিব লাগিব বুলি নিশ্চিত কৰিবলৈ আৰু আমি দৈনন্দিন তদন্ত নিৰীক্ষণ কৰিবলৈ পৃথক উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ নিয়োগ কৰিবলৈ আগ্ৰহী। আমি আপোনাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিচাৰক নিবিচাৰো” ন্যায়াধীশ সূৰ্য কান্তই কয়।

পূৰ্বৱৰ্তী শুনানিত উচ্চতম ন্যায়ালয়ে ৩ অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনাৰ মাত্ৰ ২৩ জন প্ৰত্যক্ষদৰ্শীৰ সাক্ষী গ্ৰহণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু চৰকাৰক অধিক সাক্ষী সংগ্ৰহ কৰিবলৈ আৰু তেওঁলোকক সুৰক্ষা দিবলৈ নিৰ্দেশ দিছিল।

শুনানিৰ সময়ত বিচাৰকসকলে ঘটনাস্থলীত কিমানটা মোবাইল ফোন চিনাক্ত কৰা হৈছিল সেই সম্পৰ্কেও উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰে।

ন্যায়াধীশ হিমা কোহলীয়ে প্ৰশ্ন কৰে, “আপোনালোকে কেৱল এজন অভিযুক্ত আশীষ মিশ্ৰৰ ফোন চিনাক্ত কৰিছে। আনসকল অভিযুক্তৰ ফোনৰ কিয় চিনাক্ত হোৱা নাই ? আপোনালোকে আন কোনো অভিযুক্তৰ ফোন তেওঁলোকৰ লগত নাছিল বুলি ক’ব খোজে নেকি?”

উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা হৰিশ চালভেই ইয়াৰ উত্তৰত কয় যে “ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শী আছিল।তদুপৰি চিচিটিভি ফুটেজৰ জৰিয়তে এই অভিযুক্তসকল ঘটনাস্থলীত আছিল বুলি প্ৰমাণ পোৱা গৈছে।

উল্লেখ্য যে ৩ অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰৰ স্থিতিক উচ্চতম ন্যায়ালয়ে পূৰ্বৰ শুনানিৰ সময়তো নিন্দা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd