• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 7:23 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতো কেন্দ্ৰৰ পৰা শিক্ষা পুঁজি মুকলি কৰি নিদিয়া সন্দৰ্ভত তামিলনাডু চৰকাৰে দাখিল কৰা আবেদনৰ উচ্চতম ন্যায়ালয়ে ৯ জুনত জৰুৰী শুনানি ল’বলৈ অস্বীকাৰ কৰিছে। সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২,১৫১ কোটি টকাৰ অধিক ধন ৰখা বুলি ৰাজ্য চৰকাৰে অভিযোগ উত্থাপন কৰিছিল।

ডিএমকে চৰকাৰৰ নেতৃত্বত থকা তামিলনাডুয়ে দাবী কৰিছিল যে শিক্ষাবৰ্ষটো ৩ জুনত আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত এই পুঁজি প্ৰায় ৪৮ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি জৰুৰী। তথাপি, ন্যায়মূৰ্তি প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু মনমোহন সহায়ে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱা উল্লেখ কৰি জৰুৰীতা নাথাকিল বুলি মত প্ৰকাশ কৰে আৰু এই বিষয়ত পূৰ্ণ শুনানি বন্ধৰ পিছতে অনুষ্ঠিত হ’ব বুলি জনায়।

Apply Now

তামিলনাডু চৰকাৰে অভিযোগ কৰে যে কেন্দ্ৰই পুঁজি মুক্তি নকৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ দ্বাৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP 2020) আৰু প্ৰধানমন্ত্ৰী শ্ৰী স্কুল আঁচনি (PM SHRI) গ্ৰহণ নকৰাৰ সিদ্ধান্তক অজুহাত হিচাপে ব্যৱহাৰ কৰিছে। তামিলনাডুৱে এই প্ৰৱৃত্তিক অসাংবিধানিক বুলি অভিহিত কৰি কয় যে ই সমবায় ফেডাৰেলিজমৰ নীতিক লঙ্ঘন কৰে আৰু ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰত অধিকাৰত হস্তক্ষেপ কৰে।

উল্লেখযোগ্য যে এই অভিযোগত তামিলনাডুৱে ২,২৯১ কোটি টকাৰ দাবী আগবঢ়াইছে আৰু উচ্চতম ন্যায়ালয়ৰ পৰা অনুৰোধ জনাইছে যে, চুক্তিবদ্ধ নোহোৱাকৈ এন ই পি ২০২০ আৰু পিএম শ্ৰী আঁচনিৰ ৰূপায়নত তামিলনাডুৰ ক্ষেত্ৰত বাধ্যতামূলক নহ’ব বুলি ঘোষণা কৰা হওক।

এই মর্মে মে’ মাহত সংবিধানৰ ১৩১ নং অনুচ্ছেদৰ অধীনত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ কৰিছিল। মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰধানমন্ত্ৰীক পত্ৰ লিখি এই সন্দৰ্ভত আপত্তি জনাই পুঁজিৰ অব্যাহতি নোহোৱা ঘটনাটোক হেচা প্ৰদানৰ কৌশল বুলি অভিহিত কৰিছিল।

যদিও জৰুৰী শুনানি অস্বীকাৰ কৰা হৈছে, তথাপি মূল বিষয়ৰ ওপৰত পূৰ্ণ শুনানি পিছত অনুষ্ঠিত হ’ব বুলি সদৰী কৰে। তামিলনাডু চৰকাৰে উল্লেখ কৰে যে শিক্ষা পুঁজি অব্যাহত নোহোৱাত শিক্ষক দৰমহা, বিদ্যালয়ৰ পৰিকাঠামো আৰু শিক্ষাৰ মানত দীৰ্ঘম্যাদি প্ৰভাৱ পৰিছে।

Tags: FederalismDebateNEP2020SupremeCourtIndiaTamilNaduEducation
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd