এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দৰিদ্ৰ বিচাৰাধীন কাৰাবন্দীৰ স্বাৰ্থত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে যদি কোনো দৰিদ্ৰ ব্যক্তিক অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হয়, আৰু তেওঁৰ বিচাৰ চলি থকাৰ পিছতো তেওঁৰ হাতত জামিন ল’বলৈ পৰ্যাপ্ত ধন নাথাকে, তেন্তে সেই ক্ষেত্ৰত চৰকাৰে তেওঁক সহায় কৰিব।
নতুন এছ অ’ পি অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ প্ৰস্তুত কৰিছে ন্যায়াধীশ এম এম সুন্দৰেশ আৰু এছ চি শৰ্মাৰ বিচাৰপীঠে। তথ্য অনুসৰি ন্যায়াধীশ এম এম সুন্দৰেশ আৰু এছ চি শৰ্মাৰ বিচাৰপীঠে আদালতৰ বন্ধু (এমিকাছ কিউৰি) আৰু জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰা তথা অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিৰ পৰামৰ্শ অন্তৰ্ভুক্ত কৰি নতুন এছ অ’ পি প্ৰস্তুত কৰিছে।
সূত্ৰ অনুসৰি, দেশৰ হাজাৰ হাজাৰ কয়দী জামিন লাভ কৰাৰ পিছতো পৰ্যাপ্ত ধনৰ অভাৱ, জামিনদাতাৰ অভাৱৰ বাবে কাৰাগাৰত থকা বুলি দৃষ্টিলৈ অহাৰ পিছতে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ (suo motu) গ্ৰহণ কৰে।
বিচাৰপীঠে কয় যে জিলা আইন সেৱা প্ৰাধিকৰণে কয়দীজনক জেলৰ পৰা মুক্তিৰ বাবে এক লাখ টকা পৰ্যন্ত জামিনৰ পৰিমাণ পূৰণ কৰিব পাৰে আৰু যদি বিচাৰ আদালতে এক লাখতকৈ অধিক টকা নিৰ্ধাৰণ কৰে তেন্তে হ্ৰাসৰ বাবে আবেদন কৰাৰ সুযোগ আছে।
নতুন নিৰ্দেশনা অনুসৰি বিচাৰপীঠে কয় যে যদি কোনো বিচাৰাধীন কয়দীক জামিন দিয়াৰ সাত দিনৰ ভিতৰত জেলৰ পৰা মুকলি কৰি দিয়া নহয়, তেন্তে জেল কৰ্তৃপক্ষই ডি এল এছ এৰ সচিবক এই বিষয়ে অৱগত কৰিব, যিয়ে তৎক্ষণাত বিষয়টো চোৱাচিতা কৰিবলৈ এজন ব্যক্তিক নিযুক্তি দিব। তেওঁ পৰীক্ষা কৰিব যে মুক্তিৰ বাবে মুঠতে প্ৰয়োজনীয় ধনৰ পৰিমাণ সেই ব্যক্তিজনৰ একাউণ্টত উপলব্ধ আছে নে নাই।
উচ্চতম ন্যায়ালয়ে কয় যে যদি অভিযুক্তৰ হাতত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰাকৈ পৰ্যাপ্ত ধন নাথাকে তেন্তে জিলা পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিয়ে ডি এল এছ এৰ পৰামৰ্শ অনুযায়ী প্ৰতিবেদন লাভ কৰাৰ তাৰিখৰ পৰা পাঁচ দিনৰ ভিতৰত জামিনৰ বাবে ধন মুকলি কৰাৰ নিৰ্দেশ দিব।
উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে যিবোৰ গোচৰত ক্ষমতাপ্ৰাপ্ত সমিতিয়ে ‘নিঃস্ব কাৰাবন্দী সাহায্য আঁচনি’ৰ অধীনত আৰ্থিক সাহায্যৰ সুবিধা এজন বিচাৰাধীন কাৰাবন্দীলৈ সম্প্ৰসাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। তেনে ক্ষেত্ৰত কোনো কয়দীৰ বাবে প্ৰতিটো গোচৰৰ বাবে প্ৰয়োজনীয় ৫০,০০০ টকা পৰ্যন্ত প্ৰয়োজনীয় ধন উলিয়াই সংশ্লিষ্ট আদালতক নিৰ্দিষ্ট জমা ধনৰ জৰিয়তে বা আন যিকোনো নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰিব পাৰিব।





