NORTHEAST NOW (Assamese)

নগদ ধন বিলোৱা চৰকাৰী আঁচনিৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়! ক’লে – মানুহ অকৰ্মণ্য হৈ পৰিব

February 13, 2025 9:22 am · এন ই নাও নিউজ, গুৱাহাটী

চৰকাৰী নগদ ধন হস্তান্তৰ আঁচনিৰ সন্দৰ্ভত পুনৰ মুখ খুলিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ভাষাত এনে প্ৰকল্প বিপদজনক। ঘৰত বহি কোনো কষ্ট নকৰাকৈ নগদ ধন পালে মানুহ আচৰিত হব৷

বুধবাৰে ন্যায়াধীশ বিআৰ গাভাই আৰু এজি মাছিহাৰ বিচাৰপীঠে কয় যে মানুহে কাম কৰিব বিচাৰে। ঘৰত বহি খাবলৈ কাৰো মন নাযায়। কিন্তু দেশত পৰ্যাপ্ত কাম নাই। সেয়ে গাঁৱৰ মানুহবোৰ কামৰ সন্ধানত চহৰলৈ আহিবলৈ বাধ্য হল।

লিংগ নিৰ্বিশেষে নিবনুৱাৰ ভাট্টা প্ৰদানৰ আঁচনি কম বেছি পৰিমাণে সকলো ৰাজ্যতে প্ৰৱৰ্তন কৰা হৈছে। মধ্যপ্ৰদেশত লাডলী বহুনা আঁচনি প্ৰৱৰ্তন কৰি বিজেপি চৰকাৰে জয়লাভ কৰিছে। মধ্যপ্ৰদেশৰ আদৰ্শ অনুসৰণ কৰি মহাৰাষ্ট্ৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে সদ্য অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ লাডলী বাহেনা আঁচনি মুকলি কৰি মহিলাৰ ভোট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পশ্চিম বংগৰ লক্ষ্মী ভাণ্ডাৰৰ আৰ্হিত কৰ্ণাটক চৰকাৰে আৰম্ভ কৰিছে ভাগ্য লক্ষ্মী আঁচনি, মাহৰ শেষত মহিলাক নগদ ধন প্ৰদান।অসমটো অৰুণোদয় আঁচনিৰ নামত দিয়া হৈছে ধন।

ইয়াৰ পূৰ্বেও এই ৰাষ্ট্ৰীয় আঁচনিৰ বিৰুদ্ধে মাত মাতিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে ধন খৰচ কৰাৰ বিৰোধী। প্ৰধানমন্ত্ৰীয়ে নিজেই মাত মাতিছে ‘ৰেবৰী সংস্কৃতিৰ বিৰুদ্ধে। ৰেবৰী হৈছে এক প্ৰকাৰৰ উত্তৰ ভাৰতীয় মিঠাই যিটো অতিথিক পৰিবেশন কৰা হয়।

অৱশ্যে বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহেও একে পথেই আগবাঢ়িছে। তাত প্ৰধানমন্ত্ৰীয়ে যে কেতিয়াও আপত্তি কৰিছিল সেয়া জনা নাযায়।

ন্যায়াধীশ গাভাইয়ে কয় যে, মই এটা কৃষক পৰিয়ালৰ ল’ৰা। শুনিছোঁ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছত তাত কৃষি শ্ৰমিক পোৱা নাযায়। তেওঁৰ প্ৰশ্ন, ঘৰত বহি নগদ ধন আৰু ৰেচন বিনামূলীয়াকৈ পাব পাৰিলে মানুহে কিয় কাম কৰিব?

Related News