• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃতীয় লিংগৰ অধিকাৰ সুৰক্ষাৰ বাবে কঠোৰ নির্দেশনা উচ্চতম ন্যায়ালয়ৰঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2025 8:54 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ তৃতীয় লিংগ ব্যক্তিসকলৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা “উদাসীনতা”ক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ৰ বিচাৰপীঠে শেহতীয়া এক ৰায়দানত ঐতিহাসিক এক পদক্ষেপ গ্ৰহণ কৰিছে। সমান সুযোগ নীতি প্ৰস্তুত কৰাৰ বাবে এটা উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

ঘটনাক্ৰম অনুসৰি উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ বিদ্যালয়ৰ পৰা লিংগ পৰিচয়ৰ ভিত্তিত বাদ পৰাৰ অভিযোগ কৰি এগৰাকী ৰূপান্তৰকামী মহিলাই উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে এই গোচৰৰ শুনানি সময়ত ৰূপান্তৰকামী মহিলাগৰাকীৰ দাবী মঞ্জুৰ কৰে আৰু বৈষম্যৰ অভিযোগ সত্য প্ৰমাণিত হোৱাত কেন্দ্ৰীয় চৰকাৰ, উত্তৰ প্ৰদেশ চৰকাৰ, গুজৰাট চৰকাৰ আৰু সংশ্লিষ্ট বিদ্যালয়ক আবেদনকাৰীক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

উল্লেখ্য যে ১৭৭ পৃষ্ঠাৰ ৰায়দানত আদালতে পৰ্যবেক্ষণ কৰে যে হিজড়া ব্যক্তিৰ অধিকাৰ সুৰক্ষা আইন, ২০১৯ আৰু এই আইনৰ অধীনত গৃহীত নিয়মসমূহ বাস্তৱত কার্যকৰী নহয়। স্বাস্থ্য সেৱা, শিক্ষা, চাকৰি আৰু ৰাজহুৱা স্থান ব্যৱহাৰৰ ক্ষেত্ৰত তেওলোক এতিয়াও গুৰুতৰ বৈষম্য আৰু অৱহেলাৰ সন্মুখীন হৈছে বুলি বিচাৰপীঠে মত পোষণ কৰে।

বিচাৰপীঠে আৰু উল্লেখ কৰিছে যে ২০১৪ চনৰ নালছা (NALSA) ৰায়ত হিজড়া সম্প্ৰদায়ক “তৃতীয় লিংগ” হিচাপে স্বীকৃতি দিয়া হৈছিল। শিক্ষা আৰু চাকৰিত সংৰক্ষণ, স্বাস্থ্য সুৰক্ষা, পৃথক শৌচাগাৰ, সামাজিক সুৰক্ষা আদি বিষয়ে নির্দেশনা দিয়া হৈছিল। কিন্তু আজি দহ বছৰ পাৰ হৈ যোৱাৰ পিছতো মূল সমস্যাবোৰ সমাধান নোহোৱাত আদালতে দুঃখ প্ৰকাশ কৰে।

ইয়াৰোপৰি তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত যথোপযুক্ত নীতিৰ অভাৱৰ সমাধান কৰিবলৈ আদালতে দিল্লীৰ প্ৰাক্তন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশা মেননৰ নেতৃত্বত এখন পৰামৰ্শদাতা সমিতি গঠন কৰাৰ নিৰ্দেশ দিছে। এই সমিতিয়ে ছমাহৰ ভিতৰত:

সমান সুযোগ নীতিৰ খচৰা প্ৰস্তুত কৰিব,

শিক্ষা, স্বাস্থ্য আৰু সমাজকল্যাণৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰস্তুত কৰিব,

বৈষম্য ৰোধ আৰু অধিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পদক্ষেপ ধাৰ্য্য কৰিব।

আাৰু সমিতিৰ প্ৰতিবেদন লাভ কৰাৰ তিনি মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে নীতি ঘোষণা কৰিব লাগিব।

উচ্চতম ন্যায়ালয়ে লগতে তৎক্ষণাত কাৰ্যকৰী কৰা কামবোৰৰ বাবে কেইবাটাও নিৰ্দেশ জাৰি কৰে—

প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত তৃতীয় লিংগৰ লোকসকলৰ কল্যাণ বোর্ড গঠন

প্ৰতিখন জিলাত জিলা দণ্ডাধীশৰ অধীনত তৃতীয় লিংগৰ সুৰক্ষা কোষ স্থাপন

২০১৯ চনৰ আইন লঙ্ঘনৰ অভিযোগৰ বাবে দেশব্যাপী ২৪ ঘণ্টাৰ টোল-ফ্ৰী হেল্পলাইন স্থাপন

সকলো ৰাজ্যই খচৰা লাভ কৰাৰ তিনি মাহৰ ভিতৰত নিজা নীতিনিৰ্দেশনা জাৰি কৰিব লাগিব বুলি সদৰী কৰিছে ন্যালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd