• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰ খেৰী কাণ্ড: নিজাববীয়াকৈ গোচৰ ল’লে উচ্চতম ন্যায়ালয়ে, আজি গ্ৰহণ কৰিব শুনানি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 7, 2021 8:03 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকৰ মৃত্যুকলৈ এতিয়া উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি।

যোৱা দেওবাৰে লখিমপুৰ খেৰীত প্ৰতিবাদী কৃষকক কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল।

Apply Now

এই ঘটনাত চাৰিজন কৃষককে ধৰি মুঠ আঠ জন লোক নিহত হৈছিল। দেশজুৰি প্ৰতিবাদ হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ চৰকাৰে মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল।

কিন্তু আজিলৈকে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কোনো এজন লোককে গ্ৰেপ্তাৰ কৰা নাই।

এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে লখিমপুৰ খেৰীৰ ঘটনাটো সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ গ্ৰহণ কৰিছে। সেইমৰ্মে আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য খেৰীৰ ঘটনাটো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ল’ব লাগে বুলি কংগ্ৰেছৰ নেতা কপিল চিবালেও দাবী জনাইছিল। চিবালে কৈছিল যে এটা সময়ত ইউটিউব বা ছ’চিয়েল মিডিয়া নাছিল।

কিন্তু সেই সময়তো উচ্চতম ন্যায়ালয়ে কেৱল বাতৰি কাকতৰ খবৰৰ ভিত্তিতে বহু বিষয় নিজাববীয়াকৈ গোচৰ লৈছিল। খেৰীৰ ঘটনা সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ল’ব লাগে বুলি চিবালে দাবী জনাইছিল।

উল্লেখ্য যে এই হিংসাত্মক ঘটনাত চাৰিজন কৃষক নিহত হৈছিল। আনহাতে মন্ত্ৰীৰ কনভয়ৰ লগত অহা চাৰিজন ব্যক্তিৰো মৃত্যু হৈছিল।

যোৱা মাহৰ শেষৰ ফালে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সম্পৰ্কে মন্তব্য কৰিছিল যে “এইয়া ১০-১৫ জন লোকৰ প্ৰতিবাদ আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ মাত্ৰ দুই মিনিট লাগিব”।

মিশ্ৰৰ এই ভাষণৰ বিৰোধ কৰি কৃষকসকলে লখিমপুৰ খেৰী জিলা ভ্ৰমণৰত উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু অজয় মিশ্ৰৰ ভ্ৰমণ অৱৰোধ কৰিবলৈ একত্ৰিত হৈছিল।

প্ৰতিবাদকাৰী কৃষকসকলে মন্ত্ৰী দুজনৰ আগমন বন্ধ কৰিবলৈ হেলিপেড ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচী শেষ হোৱাৰ পিছত কৃষকসকল উভতি আহিছিল আৰু সেই মুহূৰ্ততে মন্ত্ৰীপুত্ৰৰ কনভয়ে কৃষকসকলক মহতিয়াই নিছিল।

এজন কৃষকৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ পাছত আন তিনিজন কৃষকৰ চিকিৎসালয়ত মৃত্যু হয়। মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ আক্ৰমণ সংঘটিত কৰা গাড়ীখনত আছিল।” কৃষক সংঘৰ এজন নেতা ডাঃ দৰ্শন পালে এনেদৰে কৈছিল।

অৱশ্যে মন্ত্ৰী অজয় মিশ্ৰাই তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ সেই দিনা উক্ত স্থানত নাছিলেই বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ আগত প্ৰকাশ কৰিছে।

আশীষ মিশ্ৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত উপ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত আছিল বুলি তেওঁ মন্তব্য কৰে।

উত্তৰ প্ৰদেশ চৰকাৰে লখিমপুৰ খেৰী হিংসাত নিহত চাৰিজন কৃষকৰ আত্মীয়ক ৪৫ লাখ টকাৰ আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

আঘাতপ্ৰাপ্ত কৃষকসকলক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব।

আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে জনোৱা মতে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই হিংসাত্মক ঘটনাৰ তদন্ত কৰিব।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে বহু ৰাজনৈতিক নেতা ঘটনাস্থলীলৈ যাত্ৰা কৰে। কিন্তু ৰাজ্য প্ৰশাসনে তেওঁলোকক জিলা সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ আৰু লক্ষ্ণৌৰ পৰা ২২৫ কিলোমিটাৰ দূৰতে আৱদ্ধ কৰি ৰাখি ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰে।

এই নেতা সকলৰ ভিতৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, BSPৰ এছ চি মিশ্ৰা আৰু AAPৰ সঞ্জয় সিঙো আছিল।

উল্লেখ্য যে প্ৰিয়ংকা গান্ধীক সোমবাৰে লখিমপুৰৰ হিংসাস্থলীলৈ যাওঁতে সীতাপুৰত আটক কৰা হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd