লখিমপুৰ খেৰী কাণ্ড: নিজাববীয়াকৈ গোচৰ ল’লে উচ্চতম ন্যায়ালয়ে, আজি গ্ৰহণ কৰিব শুনানি

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকৰ মৃত্যুকলৈ এতিয়া উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি।

যোৱা দেওবাৰে লখিমপুৰ খেৰীত প্ৰতিবাদী কৃষকক কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল।

এই ঘটনাত চাৰিজন কৃষককে ধৰি মুঠ আঠ জন লোক নিহত হৈছিল। দেশজুৰি প্ৰতিবাদ হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ চৰকাৰে মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল।

কিন্তু আজিলৈকে উত্তৰ প্ৰদেশ আৰক্ষীয়ে কোনো এজন লোককে গ্ৰেপ্তাৰ কৰা নাই।

এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে লখিমপুৰ খেৰীৰ ঘটনাটো সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ গ্ৰহণ কৰিছে। সেইমৰ্মে আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য খেৰীৰ ঘটনাটো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ল’ব লাগে বুলি কংগ্ৰেছৰ নেতা কপিল চিবালেও দাবী জনাইছিল। চিবালে কৈছিল যে এটা সময়ত ইউটিউব বা ছ’চিয়েল মিডিয়া নাছিল।

কিন্তু সেই সময়তো উচ্চতম ন্যায়ালয়ে কেৱল বাতৰি কাকতৰ খবৰৰ ভিত্তিতে বহু বিষয় নিজাববীয়াকৈ গোচৰ লৈছিল। খেৰীৰ ঘটনা সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ল’ব লাগে বুলি চিবালে দাবী জনাইছিল।

উল্লেখ্য যে এই হিংসাত্মক ঘটনাত চাৰিজন কৃষক নিহত হৈছিল। আনহাতে মন্ত্ৰীৰ কনভয়ৰ লগত অহা চাৰিজন ব্যক্তিৰো মৃত্যু হৈছিল।

যোৱা মাহৰ শেষৰ ফালে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সম্পৰ্কে মন্তব্য কৰিছিল যে “এইয়া ১০-১৫ জন লোকৰ প্ৰতিবাদ আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ মাত্ৰ দুই মিনিট লাগিব”।

মিশ্ৰৰ এই ভাষণৰ বিৰোধ কৰি কৃষকসকলে লখিমপুৰ খেৰী জিলা ভ্ৰমণৰত উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু অজয় মিশ্ৰৰ ভ্ৰমণ অৱৰোধ কৰিবলৈ একত্ৰিত হৈছিল।

প্ৰতিবাদকাৰী কৃষকসকলে মন্ত্ৰী দুজনৰ আগমন বন্ধ কৰিবলৈ হেলিপেড ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচী শেষ হোৱাৰ পিছত কৃষকসকল উভতি আহিছিল আৰু সেই মুহূৰ্ততে মন্ত্ৰীপুত্ৰৰ কনভয়ে কৃষকসকলক মহতিয়াই নিছিল।

এজন কৃষকৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ পাছত আন তিনিজন কৃষকৰ চিকিৎসালয়ত মৃত্যু হয়। মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ আক্ৰমণ সংঘটিত কৰা গাড়ীখনত আছিল।” কৃষক সংঘৰ এজন নেতা ডাঃ দৰ্শন পালে এনেদৰে কৈছিল।

অৱশ্যে মন্ত্ৰী অজয় মিশ্ৰাই তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ সেই দিনা উক্ত স্থানত নাছিলেই বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ আগত প্ৰকাশ কৰিছে।

আশীষ মিশ্ৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত উপ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত আছিল বুলি তেওঁ মন্তব্য কৰে।

উত্তৰ প্ৰদেশ চৰকাৰে লখিমপুৰ খেৰী হিংসাত নিহত চাৰিজন কৃষকৰ আত্মীয়ক ৪৫ লাখ টকাৰ আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

আঘাতপ্ৰাপ্ত কৃষকসকলক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব।

আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে জনোৱা মতে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই হিংসাত্মক ঘটনাৰ তদন্ত কৰিব।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে বহু ৰাজনৈতিক নেতা ঘটনাস্থলীলৈ যাত্ৰা কৰে। কিন্তু ৰাজ্য প্ৰশাসনে তেওঁলোকক জিলা সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ আৰু লক্ষ্ণৌৰ পৰা ২২৫ কিলোমিটাৰ দূৰতে আৱদ্ধ কৰি ৰাখি ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰে।

এই নেতা সকলৰ ভিতৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, BSPৰ এছ চি মিশ্ৰা আৰু AAPৰ সঞ্জয় সিঙো আছিল।

উল্লেখ্য যে প্ৰিয়ংকা গান্ধীক সোমবাৰে লখিমপুৰৰ হিংসাস্থলীলৈ যাওঁতে সীতাপুৰত আটক কৰা হৈছিল।