ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব ভাৰতৰ উচ্চতম ন্যায়ালয়ে

Supreme Court

দেশৰ ন্যায় ব্যৱস্থাৰ শীৰ্ষতম প্ৰতিষ্ঠান উচ্চতম ন্যায়ালয়ে এইবাৰ প্ৰথমবাৰৰ বাবে উদযাপন কৰিব প্ৰতিষ্ঠা দিৱস। অহা ৪ ফেব্ৰুৱাৰীত ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব দেশৰ শীৰ্ষ আদালতে।

এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেননে। তেওঁ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ‘পৰিৱৰ্তিত বিশ্বত ন্যায়পালিকাৰ ভূমিকা’ শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰিব।

উল্লেখ্য যে, ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰ অৰ্থাৎ ভাৰত গণৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দুদিন পিছত ২৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা হৈছিল।

শীৰ্ষ ন্যায়ালয়ৰ সূত্ৰ অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চন্দ্ৰচূড়ৰ ধাৰণা অনুসৰি, যিহেতু উচ্চতম ন্যায়ালয়ে প্ৰতি বছৰে ২৬ নৱেম্বৰত সংবিধান দিৱসৰ আয়োজন কৰে, সেয়েহে নিত্য পৰিৱৰ্তিত পৃথিৱীত ন্যায়পালিকাৰ কাম-কাজ কেনেদৰে পৰিচালিত হয়, সেয়া দেশৰ আগত প্ৰদৰ্শন কৰাটো এটা ভাল ধাৰণা হ’ব।

উচ্চতম ন্যায়ালয়ৰ সূত্ৰই লগতে লগতে জানিবলৈ দিয়া মতে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেননক মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ আহ্বান জনাইছে। চন্দ্ৰচূড়ৰ এই আমন্ত্ৰণৰ প্ৰতি ইতিমধ্যে ভাৰতীয় মূলৰ মেননে সঁহাৰি জনাইছে বুলি সূত্ৰই সদৰী কৰিছে।

প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানৰ কাৰ্যসূচী ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে। মূলত: দেশৰ নাগৰিকে বিশেষকৈ নৱ প্ৰজন্মই ভাৰতীয় ন্যায়পালিকাৰ বিষয়ে অৱগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।