• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিলকিছ বানো গোচৰৰ শুনানিৰ বাবে বিশেষ বিচাৰপীঠ গঠনত সন্মতি উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2023 5:26 pm
Bilkis Bano
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণ কাণ্ড তথা তেওঁৰ পৰিয়ালক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা ১১ গৰাকী অপৰাধীৰ মুক্তিক প্ৰত্যাহ্বান জনাই বানোৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানিৰ বাবে এখন বিশেষ বিচাৰপীঠ গঠন কৰা হ’ব।

আজি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে বানোক প্ৰতিনিধিত্ব কৰা অধিবক্তা শোভা গুপ্তাৰ জৰিয়তে নতুন বিচাৰপীঠ গঠন কৰা হ’ব বুলি বিলকিছ বানোক প্ৰতিশ্ৰুতি দিয়ে। অধিবক্তা গুপ্তাই জৰুৰী শুনানিৰ বাবে আহ্বান জনাই এখন নতুন বিচাৰপীঠ গঠনৰ প্ৰয়োজনীয়তাৰ বিষয়ে ন্যায়ালয়ত উল্লেখ কৰিছিল।

Apply Now

ইতিপূৰ্বে যোৱা ২৪ জানুৱাৰীত বানোৰ আবেদনৰ শুনানি গ্ৰহণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট ন্যায়াধীশসকলে পাঁচ জনীয়া সংবিধান বিচাৰপীঠৰ অংশ হিচাপে ইচ্ছামৃত্যু সম্পৰ্কীয় আন এক বিষয়ৰ শুনানি গ্ৰহণ কৰি থকাৰ বাবে বানোৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব পৰা হোৱা নাছিল।

দোষীৰ মুক্তিক প্ৰত্যাহ্বান জনোৱা আবেদনৰ উপৰিও বানোৱে তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধত দোষী সাব্যস্ত হোৱা এগৰাকী অপৰাধীৰ আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ আদেশৰ পুনৰীক্ষণ বিচাৰি আন এক পৃথক আবেদন দাখিল কৰিছিল। কিন্তু বানোৱে দাখিল কৰা এই পুনৰীক্ষণ আবেদন খাৰিজ কৰিছিল উচচতম ন্যায়ালয়ে।

উল্লেখ্য যে ২০০২ চনৰ গুজৰাটৰ নৃশংস গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সেই সময়ৰ ২১ বৰ্ষীয় বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই সময়ত বানো আছিল ৫ মহীয়া গৰ্ভৱতী। তদুপৰি বানোৰ তিনি বছৰীয়া কন্যাকে ধৰি পৰিয়ালৰ ৯ জন সদস্যক হত্যা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।

২০০৮ চনত আদালতে বিলকিছ বানো ধৰ্ষণ তথা হত্যাৰ এই গোচৰত ১১ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল যদিও ১৫ আগষ্টত গুজৰাট চৰকাৰে আটাইকেইগৰাকী ধৰ্ষণকাৰীকে মুক্তি দিছিল।

যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে পূৰ্বৰ ৰেমিছন নীতিৰ আধাৰত দোষীক মুকলি কৰি দিয়াৰ পিছত দেশজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। বিশেষকৈ ধৰ্ষণকাৰী অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছত এক হিন্দুত্ববাদী সংগঠনে নায়কৰ দৰে আদৰণি জনোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ৰেমিছন নীতিৰ অধীনত গুজৰাট চৰকাৰে ১১ গৰাকী দোষীক মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰয়ো এই মুক্তিৰ গতি দ্ৰুত কৰি দুসপ্তাহৰ ভিতৰতে দোষীৰ মুক্তিৰ পথ মুকলি কৰি তুলিছিল। গুজৰাট চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল কেইবাগৰাকীও মহিলা কৰ্মী।

ইয়াৰ পাছতে বিলকিছ বানোৱে নিজেই দোষীৰ এই মুক্তিৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd