বিমুদ্ৰাকৰণ সন্দৰ্ভত ৰায় দিলে উচ্চতম ন্যায়ালয়ে; মোডীৰ ঘোষণা সন্দৰ্ভত কি ক’লে ন্যায়ালয়ে?

উচ্চতম ন্যায়ালয়ে ছয় বছৰ পূৰ্বে লোৱা বিমুদ্ৰাকৰণৰ সিদ্ধান্ত বাহাল ৰাখিলে। শীৰ্ষ ন্যায়ালয়খনে বিচাৰ কৰি কয় যে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সমানুপাতিকতাৰ বিচাৰৰ ভিত্তিত বাতিল কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে কয় যে বিমুদ্ৰাকৰণ কেৱল কেন্দ্ৰই এনে কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই বাতিল কৰিব নোৱাৰি।

আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা পি চিদাম্বৰমে দাবী কৰিছিল যে বিমুদ্ৰাকৰণৰ ওপৰত সিদ্ধান্ত ল’বলৈ কেন্দ্ৰই আৰবিআইৰ সৈতে আলোচনা কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত আৰবিআই-ৰ সৈতে কেন্দ্ৰৰ বৈঠকৰ সৱিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।

লগতে পঢ়ক: মানুহৰ মৃতদেহৰ পৰা সাৰ প্ৰস্তুত কৰিব নিউয়ৰ্কে

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়ত কয় যে কেন্দ্ৰৰ সিদ্ধান্তত কোনো ভুল নাছিল। শীৰ্ষ ন্যায়ালয়ে পৰ্যবেক্ষণত কয় যে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত বাতিল কৰিব নোৱাৰি।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ সন্ধিয়া দেশবাসীক সম্বোধন কৰি ১,০০০ আৰু ৫০০ টকাৰ নোট বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰায় ৫৮ টা গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰবোৰৰ শুনানি যোৱা বছৰ সম্পূৰ্ণ হৈছিল।

ন্যায়াধীশ চৈয়দ আব্দুল নাজিৰৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে কেন্দ্ৰৰ বিমুদ্ৰাকৰণ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। বিচাৰপীঠখনত ন্যায়াধীশ বি আৰ গাভাই, এ এছ বোপান্না, ভি ৰামসুব্ৰমনিয়াম আৰু বি ভি নাগাৰাথনাও আছিল। উচ্চতম ন্যায়ালয়ে সোমবাৰে এই গোচৰবোৰত নিজৰ ৰায় দিছে।

লগতে পঢ়ক:চাৰি জিলা বিলুপ্তিকৰণৰ আঁৰত কি ‘জাতীয়’ স্বাৰ্থ নিহিত হৈ আছে জাতিক জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বিমুদ্ৰাকৰণৰ সময়ত, বজাৰত ১৭.৯৭ লাখ কোটি টকাৰ নোট আছিল। ইয়াৰ ভিতৰত ৫০০ আৰু ১০০০ টকাৰ নোটৰ মূল্য আছিল ১৫.৪৪  লাখ কোটি টকা। সেই ধনৰ ৯৮.৯ শতাংশ, অৰ্থাৎ ১৫.৩১ লাখ কোটি টকা বেংকলৈ ঘূৰি আহে। ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নিশাটোৰ ভিতৰতে ১,০০০ আৰু ৫০০ টকাৰ নোট বিমুদ্ৰাকৰণ কৰিছিল। ক’লা ধন নিয়ন্ত্ৰণ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল বুলি সদৰী কৰিছিল। অৱশ্যে, চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰা হৈছিল। এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে আৰবিআই আৰু কেন্দ্ৰৰ পৰা শপতনামা বিচাৰিছিল।

কেন্দ্ৰই ইয়াৰ শপতনামাত কৈছিল যে বিমুদ্ৰাকৰণৰ ফলত ৰাইজ কষ্টৰ সন্মুখীন হ’ব পাৰে। কিন্তু সেই অভিযোগৰ ভিত্তিত চৰকাৰৰ ৫০০ আৰু ১,০০০ টকাৰ নোট বিমুদ্ৰাকৰণক ত্ৰুটিপূৰ্ণ বুলি ক’ব নোৱাৰি। ইয়াৰ উপৰিও চৰকাৰে কৈছিল যে পুৰণি নোটসলনি কৰিবলৈ ৩০ ডিচেম্বৰলৈকে পৰ্যাপ্ত সময় দিয়া হৈছিল। এই সিদ্ধান্তই নাগৰিকসকলৰ মৌলিক অধিকাৰক ক্ষুণ্ণ কৰা নাছিল।

লগতে পঢ়ক: ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত ৭৯ টা দুৰ্ঘটনা : ৫ জনৰ মৃত্যু

ইপিনে, আৱেদন দাখিল কৰা এজন আবেদনকাৰীয়ে দাবী কৰিছিল যে নোট নিষেধাজ্ঞাৰ সময়ত তেওঁ বিদেশত আছিল। তেওঁৰ ঘৰত বহুত নগদ ধন আছিল। তেওঁ ঘৰলৈ উভতি আহিবলৈ বহুত পলম হৈছিল। ফলস্বৰূপে, তেওঁ ৫০০ আৰু ১,০০০ টকাৰ নোট সলনি কৰিব নোৱাৰিলে। তেওঁৰ নোট সলনি কৰা হোৱা নাই। তেওঁ এতিয়া এই টকাৰে কি কৰিব?